নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ চৰকাৰী বাসভৱনত সপৰিয়ালে জে ডি ভান্স

🔹 ১২ বছৰৰ মূৰকত ভাৰত ভ্রমণলৈ আমেৰিকাৰ উপ–ৰাষ্ট্রপতি

নিউজ ডেস্ক, ২২ এপ্রিল : চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা আমেৰিকা যুক্তৰাষ্ট্রৰ উপ–ৰাষ্ট্রপতি জে ডি ভান্সে কালি সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰী বাসভৱনত মিলিত হয়৷ নতুন দিল্লীৰ চৰকাৰী বাসভৱনত মার্কিন উপ–ৰাষ্ট্রপতি জে ডি ভান্সে তেওঁৰ পত্নী ঊষা ভান্স আৰু তিনি সন্তানৰ সৈতে প্রধানমন্ত্রী মোদীৰ সৈতে অন্তৰংগ মুহূর্ত কটায়৷ ইয়াৰ পাছতে প্রধানমন্ত্রী মোদী আৰু মার্কিন উপ–ৰাষ্ট্রপতি ভান্সৰ মাজত দ্বি–পাক্ষিক বৈঠক অনুষ্ঠিত হয়৷ দ্বি–পাক্ষিক বাণিজ্যিক চুক্তি, প্রতিৰক্ষা সমন্বয়, আঞ্চলিক আৰু গোলকীয় প্রত্যাহ্বানকে ধৰি ভাৰত আৰু আমেৰিকাৰ মাজৰ শুল্ক নীতিক লৈও আলোচনা কৰে৷ দ্বি–পাক্ষিক বৈঠকৰ অন্তত প্রধানমন্ত্রী মোদীয়ে মার্কিন উপ–ৰাষ্ট্রপতিৰ সৈতে নৈশভোজতো মিলিত হয়৷ ১২ বছৰৰ মূৰকত মার্কিন উপ–ৰাষ্ট্রপতি এগৰাকী ভাৰত ভ্রমণলৈ আহি ভাৰতৰ জোঁৱাই জে ডি ভান্সে তেওঁৰ ভ্রমণ দিল্লীৰ অক্ষৰধাম মন্দিৰ দর্শনেৰে আৰম্ভ কৰে৷ চাৰিদিনীয়া ভ্রমণসূচীৰ কালি প্রথম দিনাই উপ–ৰাষ্ট্রপতিগৰাকী সপৰিয়ালে অক্ষৰধাম মন্দিৰ দর্শন কৰি ভাৰতীয় সভ্যতা–সংস্কৃতিৰ গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে বুজ লয়৷ উল্লেখ্য যে উপ–ৰাষ্ট্রপতি ভান্সৰ তিনি সন্তানে ভাৰতীয় পৰম্পৰাগত সাজ–পোছাক পৰিধান কৰাটোৱে তেওঁলোকৰ ভাৰতীয় ঐতিহ্যৰ প্রতি শ্রদ্ধাক প্রতিফলিত কৰিছে৷

You might also like