নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধীৰ প্রতিমূর্তি ভাঙি মোদীৰ ইটালী ভ্রমণৰ পূর্বে খালিস্তানীৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ পুনৰ বিদেশৰ মাটিত খালিস্তানীৰ তাণ্ডৱ আমেৰিকা, কানাডাৰ পিছত এইবাৰ ইটালীত মহাত্মা গান্ধীৰ প্রতিমূর্তি ভাঙিলে খালিস্তানী সমর্থকে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইটালী ভ্রমণৰ সময়ত মহাত্মাৰ এই প্রতিমূর্তিটো উদ্বোধন কৰাৰ কথা আছিল৷ তাৰ পূর্বেই খালিস্তানী সমর্থকে প্রতিমূর্তিটো ভাঙি পেলায়৷ এই ঘটনাত ক্ষুব্ধ হৈছে ভাৰত চৰকাৰ৷ ইটালী চৰকাৰৰ ওচৰত এই ঘটনাত জড়িত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰো দাবী জনাইছে ভাৰতে৷ দেশৰ প্রধানমন্ত্রী হিচাপে একেৰাহে তৃতীয়বাৰ শপত লৈছে নৰেন্দ্র মোদীয়ে৷ শপত গ্রহণৰ পিছতেই ইটালী ভ্রমণসূচী লৈ আজি দিল্লীৰ পৰা উৰা মাৰিব মোদীয়ে৷ ইটালীত আগন্তুক ১৩ৰ পৰা ১৫ জুনলৈ জি–৭ গোষ্ঠীৰ সন্মিলন অনুষ্ঠিত হ’ব৷ বিশ্বৰ মহাপৰাক্রমী তথা অর্থনৈতিকভাৱে সমৃদ্ধিশালী দেশসমূহৰ জোঁট জি–৭ৰ সন্মিলনত অংশগ্রহণ কৰাৰ বাবে মোদীক ইটালীলৈ আমন্ত্রণ জনাইছে দেশখনৰ প্রধানমন্ত্রী জর্জিয়া মেল’নিয়ে৷ আজি ইটালী অভিমুখে মোদীয়ে যাত্রা কৰাৰ পূর্বে গান্ধীৰ মূর্তি ভাঙি খালিস্তানীয়ে ভাৰতলৈ যি বার্তা দিছে তাক লৈ ক্ষুব্ধ নতুন দিল্লী প্রশাসন৷ ইতিমধ্যে এই ঘটনাৰ ছবি পোহৰলৈ আহিছে৷ লক্ষণীয়ভাৱে মূর্তিটো ভঙাৰ উপৰি ইয়াৰ বেদীত লিখি দিয়া হৈছে বিভিন্ন খালিস্তানী শ্ল’গান৷

You might also like