তিনি বছৰত দেশত সন্ধানহীন ১০ লক্ষাধিক মহিলা
🔹 কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ বিবৃতি প্রকাশ
বিশেষ বাৰ্তা, ২৮ জুলাই : ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত দেশত সন্ধানহীন হৈছে ১০ লক্ষাধিক মহিলা৷ নেচনেল ক্রাইন ৰেকর্ডছ ব্যুৰ’ (এনচিআৰবি)ৰ শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ মধ্যপ্রদেশ আৰু মহাৰাষ্ট্রত এই সময়ছোৱাত আটাইতকৈ বেছিসংখ্যক যুৱতী তথা মহিলা সন্ধানহীন হৈছে৷ এনচিআৰবিৰ তথ্যৰ উদ্ধৃতি দি কেন্দ্রীয় গৃহ মন্ত্রালয়ে সদৰী কৰা অনুসৰি, অকল ২০২১ চনতে ১৮ বছৰৰ ঊর্ধ্বৰ ৩,৭৫,০৫৮গৰাকী মহিলা সন্ধানহীন হৈছে৷ ২০১৯ চনত মধ্যপ্রদেশৰ পৰা সন্ধানহীন হয় ৫২,১১৯গৰাকী মহিলা৷ ২০২০ চনত ৰাজ্যখনৰ পৰা ৫২,৩৫৭গৰাকী মহিলা সন্ধানহীন হোৱাৰ বিপৰীতে ২০২১ চনত ৫৫,৭০৪গৰাকী সন্ধানহীন হৈছে৷ মহাৰাষ্ট্রত ২০১৯ চনত ৬৩,১৬৭গৰাকী মহিলা সন্ধানহীন হয়৷ সেইদৰে ২০২০ চনত ৫৮,৭৩৫গৰাকী আৰু ২০২১ চনত ৫৬,৪৯৮গৰাকী মহিলা সন্ধানহীন হৈছে৷ ২০২১ চনত ১৮ বছৰ অনূর্ধ্ব ৯০,১১৩গৰাকী কিশোৰী তথা তৰুণী সন্ধানহীন হৈছে সমগ্র দেশত৷ পশ্চিমবংগত সেই বর্ষটোত ১৩,২৭৮গৰাকী কিশোৰী তথা তৰুণী সন্ধানহীন হয়৷ ২০১৯ৰ পৰা ২০২১ চনলৈ দেশত ১০,৬১,৬৪৮গৰাকী মহিলা সন্ধানহীন হৈছে৷ একে সময়ছোৱাত সন্ধানহীন কিশোৰী আৰু তৰুণীৰ সংখ্যা হৈছে ২,৫১,৪৩০গৰাকী৷ গৃহ মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা অনুসৰি, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্রক্রিয়া চলোৱাৰ সম্পূর্ণ দায়িত্ব ৰাজ্যসমূহৰ চৰকাৰৰ৷