নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ বিভিন্ন দেশত বিচাৰাধীন বন্দী দহ সহস্রাধিক ভাৰতীয়

🔹 ৰাজ্যসভাত কেন্দ্রীয় চৰকাৰৰ চিন্তনীয় তথ্য

নিউজ ডেস্ক, ২৩ মার্চ : বিশ্বৰ বিভিন্ন দেশত বিচাৰাধীন বন্দী হৈ আছে ১০,১৫২জন ভাৰতীয়৷ ইয়াৰে ভিতৰত সংযুক্ত আমিৰ শ্বাহীত ২৫জন ভাৰতীয়ক ফাঁচিৰ হুকুম দিয়া হৈছে৷ এই তথ্য ৰাজ্যসভাত দাখিল কৰিছে কেন্দ্রীয় বৈদেশিক মন্ত্রী কীর্তিবর্ধন সিঙে৷ বিশ্বজুৰি কিমানজন ভাৰতীয় বন্দী হৈ আছে, কিমানজনক মৃত্যুদণ্ড দিয়া হৈছে, সেই সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত বৈদেশিক মন্ত্রী কীর্তিবর্ধন সিঙে কয় যে বিশ্বজুৰি বিচৰাধীন বন্দী ভাৰতীয়ৰ সংখ্যা ১০,১৫২৷ মৃত্যুদণ্ডৰ ৰায় পোৱা সর্বাধিক ভাৰতীয় লোক আছে সংযুক্ত আৰব শ্বাহীত৷ ২৫জনৰ ভিতৰত ১১জন ছৌদি আৰবত, ছজন মালয়েছিয়াত, কুৱেইটত তিনিজন, ইণ্ডোনেছিয়া, য়েমেন, কাটাৰ আৰু আমেৰিকাত এজনকৈ মৃত্যুৰ ৰায় পোৱা ভাৰতীয় লোক আছে৷ অৱশ্যে মৃত্যুদণ্ডৰ ৰায় এতিয়াও কার্যকৰী হোৱা নাই৷ ২০২৪ বর্ষত কুৱেইট আৰু ছৌদি আৰবত তিনিজন ভাৰতীয়ক মৃত্যুদণ্ড দিয়া হৈছে৷ ২০২৩ চনত দুয়োখন দেশতে পাঁচজন ভাৰতীয় আৰু ২০২৩ চনত মালয়েছিয়াত এজনক মৃত্যুদণ্ড দিয়া হৈছে৷

You might also like