নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুপুৰী ম্যানমাৰত ১৬ শতাধিকৰ কৰুণ প্রাণহানি

🔹 বিধ্বংসী ভূঁইকঁপৰ ধ্বংসস্তূপত আবদ্ধ হাজাৰ হাজাৰ দুর্ভগীয়া

নিউজ ডেস্ক, ৩০ মার্চ : ৭.৭ প্রাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত এছিয়াৰ দেশ ম্যানমাৰ মৃত্যুপুৰীত পৰিণত হৈছে৷ ধ্বংসস্তূপত উদ্ধাৰ অভিযান চলাৰ লগে লগে বৃদ্ধি পাই আছে মৃত্যু হোৱা লোকৰ সংখ্যা৷ বাতৰি যুগুতোৱা পৰলৈ পৰহি বিধ্বংসী ভূমিকম্পত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ১,৭০০ অতিক্রম কৰিছে৷ দেশখনৰ প্রশাসনে সদৰী কৰা অনুসৰি এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১,৭০০জন৷ ইফালে, আহত লোকৰ সংখ্যা ৩,৪০০ হৈছে বুলি প্রশাসনৰ সূত্রই সদৰী কৰিছে৷ সেনাশাসিত ম্যানমাৰত পৰহি দুপৰীয়া ১২.৫০ বজাত ৭.৭ প্রাবল্যৰ ভূমিকম্প অনুভূত হোৱাৰ পাছত এতিয়ালৈকে ১২টা ‘আফটাৰ শ্বক’ অর্থাৎ ভূমিকম্পৰ পাছত কম্পন অনুভূত হৈছে৷ এই কম্পনসমূহৰ প্রাবল্য ২.৮ৰ পৰা ৬.৭লৈ আছিল বুলি দাবী কৰিছে প্রশাসনে৷ লক্ষণীয়ভাৱে ম্যানমাৰত প্রথমতে ক্ষতিগ্রস্ত প্রাসাদবোৰ এই আফটাৰ শ্বকৰ বাবে সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰিছে৷ ম্যানমাৰত পৰহি অনুভূত ভূমিকম্পই প্রতিৱেশী থাইলেণ্ডতো ক্ষতিসাধন কৰিছে৷ থাইলেণ্ডত তাচপাতৰ ঘৰৰ দৰে খহি পৰিছে ৩০ মহলীয়া নির্মীয়মাণ প্রাসাদ৷ ইতিমধ্যে ধূলিত এই প্রাসাদটো মিহলি হৈ যোৱা শিহৰণকাৰী ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এই প্রাসাদ খহি পৰাৰ সময়ত আতংকিত লোকসকলে বিভিন্ন স্থানলৈ দৌৰি জীৱন ৰক্ষা কৰাৰ চেষ্টা চলোৱা দৃশ্যও ভিডিঅ’ত বন্দী হৈছে৷ উল্লেখনীয় যে এই ভূমিকম্পৰ জোকাৰণি পৰহি কেইবাখনো দেশত অনুভূত হৈছিল৷ ইতিমধ্যে বিভিন্ন দেশৰ উদ্ধাৰকাৰীয়ে ধ্বংসস্তূপত উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ দেশখনৰ সামৰিক চৰকাৰে দাবী কৰা অনুসৰি ধ্বংসস্তূপত আবদ্ধ হৈ আছে কেইবাশও লোক৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকৰ মৃত্যু হোৱাৰ আশংকা আছে বুলিও চৰকাৰে দাবী কৰিছে৷ ভূমিকম্পই ধ্বংসলীলা সৃষ্টি কৰাৰ পাছৰে পৰা ম্যানমাৰত অবর্ণনীয় পৰিস্থিতিয়ে দেখা দিছে৷ কেউফালে কেৱল ভাঙি পৰা বাসগৃহ, বিশাল বিশাল অট্টালিকাৰ ধ্বংসস্তূপ নাইবা বিধ্বস্ত বাট–পথ৷ ইফালে, আহত লোকসকলৰ আর্ত চিৎকাৰে হাস্পতালসমূহত শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লক্ষণীয়ভাৱে এই ভূমিকম্পত ম্যানমাৰৰ উপৰি থাইলেণ্ডতো বিস্তৰ ক্ষতিসাধন হৈছে৷ অৱশ্যে থাইলেণ্ডৰ ৰাজধানী বেংককত এই ভূমিকম্পত ১০গৰাকী লোকৰ মৃত্যু হোৱা বুলিহে দেশখনৰ চৰকাৰে সদৰী কৰিছে৷ ৰাজধানী বেংককত কংক্রিটৰ নির্মীয়মাণ প্রাসাদ মুহূর্ততে ধূলিত পৰিণত হোৱাৰ দৃশ্যৰ কথা প্রত্যক্ষদর্শী শ্রমিকসকলে কেইবাটাও সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ এগৰাকী প্রত্যক্ষদর্শী শ্রমিকে সংবাদ সংস্থাক জনোৱা অনুসৰি বহু মহলীয়া প্রাসাদটোৰ নির্মাণকার্যত তেওঁ আৰু তেওঁৰ ভাতৃ জড়িত হৈ আছিল৷ বহু চৰকাৰী বিভাগ এই প্রাসাদটোলৈ নিয়াৰ কথা আছিল৷ কিন্তু প্রাসাদটোৰ নির্মাণ সম্পূর্ণ হ’বলৈ বাকী আছিল৷ এই প্রাসাদটো ধ্বংস হোৱাৰ সময়ত শ্রমিকজন বাহিৰত আছিল যদিও তেওঁৰ ভাতৃ ভিতৰত কর্মৰত অৱস্থাত আছিল৷ চকুৰ সন্মুখতে নিজৰ ভাতৃক হেৰুৱাবলগীয়া হোৱা বুলি সংবাদ মাধ্যমক জনায় শ্রমিকজনে৷ ইফালে, ম্যানমাৰৰ মাণ্ডালে চহৰৰ এটা আৱাসিক ব্লকৰ ধ্বংসস্তূপত ৯০গৰাকী লোক আবদ্ধ হৈ থকা বুলি দাবী কৰিছে উদ্ধাৰকাৰীয়ে৷ ম্যানমাৰৰ কেইবা স্থানতো উদ্ধাৰকার্য আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে বিভিন্ন দেশে এই দুর্যোগৰ সময়ত দেশখনলৈ সাহায্য সামগ্রী প্রেৰণ কৰিছে৷ আনকি উদ্ধাৰকাৰী দলো প্রেৰণ কৰিছে কেইবাখনো দেশে৷

You might also like