নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেনিছ গির্জাত যৌন নির্যাতনৰ বলি ২ লক্ষাধিক শিশু

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা স্পেইনৰ গির্জাত যৌন নির্যাতনৰ বলি হৈছিল দুই লক্ষাধিক শিশু৷ স্বতন্ত্র আয়োগৰ দ্বাৰা তদন্তৰ আধাৰত প্রকাশিত ৭০০ পৃষ্ঠাৰ প্রতিবেদনত স্পেনিছ গির্জাত দুই লক্ষাধিক শিশু যৌন নির্যাতনৰ বলি হোৱা বুলি প্রকাশ পাইছে৷ এ আই পাইজ নিউজ পেপাৰৰ দ্বাৰা চলোৱা তদন্ততো গির্জাত যৌন নির্যাতনৰ বলি হোৱা শিশুৰ সংখ্যা লক্ষাধিক বুলি প্রকাশ পাইছে৷ উল্লেখনীয় যে ২০১৮ চনত স্পেইনৰ গির্জাত শিশুসকলক যৌন নির্যাতন চলোৱা বুলি বিতর্কৰ সূত্রপাত হৈছিল আৰু সেই বিতর্কৰ আধাৰতে স্বতন্ত্র তদন্ত আয়োগ গঠন কৰা হৈছিল৷ সেই আয়োগে দেশখনৰ বিভিন্ন প্রান্তত তদন্ত আৰু অনুসন্ধান চলাই গির্জাত যৌন নির্যাতনৰ বলি হোৱা শিশুৰ সংখ্যা দুই লক্ষাধিকৰ তথ্য লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়ে পিছলৈ প্রতিবেদন আকাৰে প্রচাৰ কৰে৷

You might also like