গাজাত তিনি দিনত ২০০ শিশুসহ ৬ শতাধিকৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ প্রায় দুমহীয়া যুদ্ধবিৰতিৰ একপক্ষীয়ভাৱে ইতি টানি যোৱা মঙলবাৰৰ পৰা গাজা ষ্ট্রীপত আক্রমণ আৰম্ভ কৰিছে ইজৰাইলী সেনাই৷ তিনি দিন ধৰি ক্ষেপণাস্ত্র আৰু বোমাবর্ষণত ২০০ শিশুসহ ৬ শতাধিক পেলেষ্টাইনী লোক নিহত হৈছে এই হিংস্র আক্রমণত৷ আজি গাজা কর্তৃপক্ষৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ নিহতসকলৰ ভিতৰত আছে পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ নেতা তথা গাজাৰ প্রশাসনিক মুৰব্বী এছাম আল–ডালিছ, আভ্যন্তৰীণ বিষয় দপ্তৰৰ মুৰব্বী মাহমুদ আবু ৱাটফা, নিৰাপত্তা বিষয়ক মুৰব্বী বাহজাত আবু চুলতানসহ কেইবাগৰাকীও গুৰুত্বপূর্ণ পদবীত থকা ব্যক্তি৷ ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হৈছে ১,০৫০জন নিৰীহ পেলেষ্টাইনী৷
ইজৰাইলী সেনাই গাজা ভূখণ্ডত স্থলপথেৰেও অভিযান আৰম্ভ কৰিছে৷ গতিকে, হতাহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷ স্মর্তব্য যে ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধবিৰতি বৃদ্ধিৰ ক্ষেত্রত কাটাৰত হামাছ আৰু ইজৰাইলৰ আলোচনা ব্যর্থ হোৱাৰ লগে লগে ইজৰাইলে গাজা ভূখণ্ডত আৰম্ভ কৰে অভিযান৷ লক্ষণীয়ভাৱে হামাছৰ সন্ত্রাসবাদী তৎপৰতাক প্রতিৰোধ কৰাৰ বাবে এই অভিযান চলোৱা বুলি ঘোষণা কৰিছে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দূত ষ্টিভ উইটকফ আৰু মধ্যস্থতাকাৰীসকলে দিয়া প্রস্তাৱ প্রত্যাখ্যান কৰি হামাছে তাৎক্ষণিকভাৱে বাকী থকা পণবন্দীসকলক মুক্তি দিবলৈ অস্বীকাৰ কৰে৷ ইয়াৰ প্রত্যুত্তৰত ইজৰাইলে গাজাত ধাৰাসাৰ বোমা–ক্ষেপণাস্ত্র বর্ষণ কৰা বুলি নেতান্যেহু চৰকাৰে সদৰী কৰিছে৷ হামাছৰ হাতত এতিয়াও ৫৯গৰাকী পণবন্দী থকা বুলি দাবী কৰিছে নেতান্যেহু চৰকাৰে৷ ইয়াৰ ভিতৰত ২৪জন জীৱিত অৱস্থাত থকা বুলি দাবী কৰিছে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে৷ কিন্তু যুদ্ধবিৰতি বৃদ্ধি নকৰিলে এই পণবন্দীসকলক মুক্তি দিয়া নহ’ব বুলি ঘোষণা কৰে হামাছে৷ ইয়াৰ মূল্য পেলেষ্টাইনবাসীয়ে ভোগ কৰিব লাগিব বুলি নেতান্যেহুৱে হুংকাৰ দিছে৷ ইজৰাইলী প্রধানমন্ত্রীগৰাকীয়্ সংবাদ মাধ্যমক জনাইছে যে এইবাৰ কেৱল বন্দুকৰ জৰিয়তে হামাছৰ মোকাবিলা কৰা হ’ব৷ অর্থাৎ আলোচনাৰ সম্ভাৱনাক অগ্রাহ্য কৰিছে নেতাগৰাকীয়ে৷
চিকিৎসা গৱেষণাত দ্বিতীয় বর্ষৰ বাবে শ্রেষ্ঠ প্রদর্শনৰ সন্মান অসম মেডিকেলক