নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্রৰ ঔষধ আনিবলৈ গৈ অজগৰৰ পেটত সোমাল মাতৃ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ জুলাইঃ ৰুগ্ন পুত্রৰ ঔষধ আনিবলৈ গৈ ইণ্ডোনেছিয়াত মাতৃ এগৰাকী অজগৰৰ পেটত সোমোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিৱৰণী মতে, ২ জুলাইত পুৱা ৰুগ্ন পুত্রৰ ঔষধ আনিবলৈ যোৱা মাতৃ সন্ধানহীন হৈ পৰে৷ বহু সময় ধৰি ঔষধ লৈ ৩৬ বছৰীয়া মাতৃগৰাকী ঘৰলৈ উভতি নহাত হুৱাদুৱা লাগে৷ স্বামীয়ে পত্নী তথা ৰুগ্ন পুত্রৰ মাতৃক বিচাৰি গৈ ঘৰৰ বাহিৰত চেণ্ডেল আৰু কাপোৰ পৰি থকা দেখা পায়৷ স্থানীয় লোকৰ সৈতে স্বামীগৰাকীয়ে সন্ধান কৰাত ঘৰৰ পৰা কিছু দূৰৈৰ নিলগত প্রকাণ্ড অজগৰ এডাল প্রত্যক্ষ কৰে৷ ১৬ ফুট দৈর্ঘ্যৰ অজগৰৰ পেটতো ফুলি থকা দেখা পায়৷ স্থানীয় লোক মহিলাগৰাকীক অজগৰে ভক্ষণ কৰা বুলি নিশ্চিত হয়৷ ততালিকে স্থানীয় লোকে অজগৰৰ পেটতো ফালি ভিতৰত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ইণ্ডোনেছিয়াত এনেধৰণৰ ঘটনা অস্বাভাৱিক নহয়৷ বিগত বর্ষতো গাঁও অঞ্চলত এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে৷ ২ জুলাইত সংঘটিত ঘটনাটো হৈছে দক্ষিণ ছুলাৱেছি প্রদেশৰ ছিটেবা গাঁৱৰ৷

You might also like