নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ মহুৱা মৈত্রক চমন লোকসভা এথিক্স কমিটীৰ

🔹 প্রশ্নৰ বাবে ধন উৎকোচ গোচৰ

🔹 ২ নৱেম্বৰত হ’ব লাগিব হাজিৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : সদনত প্রশ্ন উত্থাপন কৰাক লৈ উৎকোচ গোচৰত তৃণমূল কংগ্রেছৰ সাংসদ মহুৱা মৈত্রক ২ নৱেম্বৰত হাজিৰ হ’বলৈ লোকসভা এথিক্স কমিটীয়ে চমন জাৰি কৰিছে৷ উল্লেখ্য যে ৩১ অক্টোবৰত কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ জাৰি কৰা চমন পিছুৱাই দিবলৈ সাংসদ মহুৱা মৈত্রই অনুৰোধ জনোৱাৰ পিছত লোকসভাৰ এথিক্স কমিটীয়ে সেই অনুৰোধৰ ভিত্তিত পুনৰ ২ নৱেম্বৰত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে৷ উল্লেখনীয় যে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই সাংসদ মহুৱা মৈত্রৰ সদনৰ লগ–ইন এগৰাকী ব্যৱসায়ীৰ সৈতে বিনিময় কৰা বুলি অভিযোগ উত্থাপন কৰি লোকসভাৰ কমিটীত অভিযোগ দাখিল কৰিছে৷ সেই অভিযোগৰ ভিত্তিতেই সাংসদ মহুৱা মৈত্রৰ বিৰুদ্ধে তদন্ত চলাই সাংসদগৰাকীক কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছে৷ বিজেপি সাংসদ নিশিকান্ত ডুবেই তৃণমূলৰ সাংসদ মহুৱা মৈত্রই সদনত প্রশ্ন উত্থাপন কৰাৰ বাবে উৎকোচ গ্রহণ কৰাৰ অভিযোগ উত্থাপন কৰাই নহয়, সাংসদগৰাকীক ভাৰতত থকা সময়ত তেওঁৰ সংসদৰ লগ–ইন ডুবাইৰ পৰা ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা বুলি দাবী কৰি আহিছে৷ সেই অভিযোগৰ ভিত্তিতে তৃণমূলৰ সাংসদগৰাকীৰ বিৰুদ্ধে লোকসভা এথিক্স কমিটীয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ তাৎপর্যপূর্ণ যে বিজেপিৰ সাংসদ ডুবেই কৰা অভিযোগ প্রত্যাখ্যান কৰি সাংসদ মহুৱা মৈত্রই অপযশ অনাৰ বাবে এই অভিযোগ আনিছে বুলি দাবী কৰি আহিছে৷

You might also like