মহাকুম্ভ মেলাত ভক্তৰ আকর্ষণ ‘মাছকুলাৰ বাবা’
🔹 শিক্ষকতা এৰি সন্ন্যাসীৰ পথ ৰাছিয়ানৰ
নিউজ ডেস্ক, ১৮ জানুৱাৰী : বিশ্বৰ বিভিন্ন দেশৰ আধ্যাত্মিক চর্চাত জড়িত অসংখ্য লোকৰ আগমন ঘটিছে মহাকুম্ভ মেলালৈ৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজত যোৱা ১৩ জানুৱাৰীৰ পৰা চলি থকা মহাকুম্ভ মেলাত ইতিমধ্যেই কোটি কোটি লোকৰ সমাগম ঘটিছে৷ সেই ধর্মীয় উৎসৱ হৈ পৰিছে ভাৰতৰ ধর্ম আৰু সংস্কৃতিৰ মিলন ক্ষেত্র৷ সাধু–সন্তৰ উপৰি লাখ লাখ লোক একত্রিত হৈছে প্রয়াগৰাজত৷ বিদেশৰ পৰা বহু সাধু–সন্ন্যাসীয়ে আহি কুম্ভমেলাত যোগ দিছে৷ এনে এগৰাকী বিদেশী সাধু হৈছে প্রেমগিৰি মহাৰাজ৷ ৰাছিয়াৰ এই ৭ ফুট ওখ সন্ন্যাসীগৰাকীয়ে মহাকুম্ভত উপস্থিত জনতাৰ নজৰ কাঢ়িছে৷ ৰাছিয়ান এই আধ্যাত্মিক গুৰুৰ নাম ‘মাছকুলাৰ বাবা’৷ ৩০ বছৰ পূর্বে শিক্ষকতাৰ চাকৰি এৰি আধ্যাত্মিকতাৰ পথ আদৰি লৈছিল প্রেমগিৰিয়ে৷ তেতিয়াৰে পৰা ভাৰতৰ সৈতে আছে প্রেমগিৰিৰ নিবিড় সম্পর্ক৷