ভাৰতৰ নির্বাচনী প্রক্রিয়াক ভূয়সী প্রশংসা ধনকুবেৰ মাস্কৰ
🔹 এদিনতে ৬৪০ নিযুত ভোটগণনা কৰে ভাৰতে
🔹 আমেৰিকাৰ ভোটগণনাক কটাক্ষ
🔹 ভোটগণনা সমাপ্ত হোৱা নাই কেলিফ’র্নিয়াত
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : নিজ দেশৰ নির্বাচনী প্রক্রিয়াক কটাক্ষ কৰি ভাৰতীয় নির্বাচনী প্রক্রিয়াক ভূয়সী প্রশংসা ধনকুবেৰ এলন মাস্কৰ৷ স্পষ্ট মন্তব্যৰ বাবে চর্চিত বিশ্বৰ ১নং ধনাঢ্য ব্যক্তি এলন মাস্কে ভাৰতৰ নির্বাচনী প্রক্রিয়াক ভূয়সী প্রশংসা কৰে তেওঁৰ দেশৰ কেলিফ’র্নিয়াৰ ভোটগণনাক কটাক্ষ কৰি৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল কেলিফ’র্নিয়াত বিলম্ব হোৱাৰ প্রসংগ উল্লেখ কৰি টেছলাৰ স্বত্বাধিকাৰী তথা আমেৰিকাৰ বিলিয়নাৰ এলন মাস্কে ভাৰতৰ ভোটগণনাৰ দ্রুত প্রক্রিয়াৰ উদাহৰণ দিয়ে৷ মাস্কে কেলিফ’র্নিয়াৰ ভোটগণনাৰ বিলম্বক সমালোচনা কৰি ভাৰতীয় নির্বাচনী প্রক্রিয়াৰ দক্ষতাক প্রশংসা কৰে৷ ভাৰতে এদিনতে ৬৪০ নিযুত ভোটগণনা কৰিব পাৰে৷ লোকসভা নির্বাচনৰ সময়ত ভাৰতে এদিনতে সকলো ভোটগণনা কৰিবলৈ সক্ষম হৈছে৷ কিন্তু আমেৰিকাই এতিয়াও ভোটগণনা কৰিয়েই আছে৷ ‘হাউ ইণ্ডিয়া কাউণ্টেড ৬৪০ মিলিয়ন ভোট ইন এ ডে’’ শীর্ষক প্রবন্ধ এটা শ্বেয়াৰ কৰি এলন মাস্কে সামাজিক মাধ্যম এক্সত কয়- ভাৰতত নির্বাচনত প্রৱঞ্চনা কৰাটো প্রাথমিক লক্ষ্য নহয়৷ উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি নির্বাচনত ৰিপাব্লিকান প্রার্থী তথা প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ইতিমধ্যে ডেম’ক্রেট প্রার্থী তথা বর্তমানৰ মার্কিন উপ–ৰাষ্ট্রপতি কমলা হেৰিছক পৰাজিত কৰি ৰাষ্ট্রপতি নির্বাচিত হৈছে৷ কিন্তু এতিয়াও কেলিফ’র্নিয়াৰ ভোটগণনা হৈয়েই আছে৷ ৯৮ শতাংশ ভোটহে গণনা কৰা হৈছে৷