নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গণতন্ত্র মানি নোলোৱা মুছলিমে ত্যাগ কৰক নেদাৰলেণ্ড’

🔹 গির্ট উইল্ডার্ছৰ মন্তব্যক লৈ বিতর্ক

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : ‘পপুলিষ্ট পার্টী ফৰ ফ্রীডম’ৰ নেতা গির্ট উইল্ডার্ছ নেদাৰলেণ্ডৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে৷  ইছলামবিৰোধী বুলি পৰিচিত উইল্ডার্ছে শেহতীয়াকৈ কৰা এক মন্তব্যক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক ৷ এক ভিডিঅ’ত উইল্ডার্ছে যিসকল মুছলমানে গণতন্ত্র নামানে, তেওঁলোকক নেদাৰলেণ্ড ত্যাগ কৰিবলৈ আহ্বান জনাইছে৷ নেদাৰলেণ্ডৰ স্বাধীনতা, গণতন্ত্র আৰু মূল্যবোধক সন্মান নকৰা তথা ধর্মনিৰপেক্ষ আইনতকৈ কোৰানৰ আইনক বেছি গুৰুত্বপূৰ্ণ বুলি মানি লোৱাসকলে শীঘ্রে দেশখনৰ পৰা আঁতৰি যোৱা উচিত বুলি মন্তব্য কৰে উইল্ডার্ছে৷

You might also like