ভিডিঅ’ বিতৰ্কৰ মাজতে মণিপুৰত প্ৰৱেশ ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ
বিশেষ বাৰ্তা, ২৫ জুলাই : মণিপুৰৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে চুবুৰীয়া ম্যানমাৰৰ লোকে উত্তৰ-পূবৰ ৰাজ্যখনত প্ৰৱেশ কৰাৰ তথ্য পোহৰলৈ আহিছে। বিগত কিছুদিনত ম্যানমাৰৰ পৰা মণিপুৰত বহু লোকে প্ৰৱেশ কৰিছে। সোমবাৰে নিশা মণিপুৰ চৰকাৰে এক বিবৃতি প্ৰকাশ কৰি ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক লৈ উদ্বেগ প্ৰকাশ কৰে। জানিব পৰা মতে, ২২ আৰু ২৩ জুলাইত ম্যানমাৰৰ পৰা মহিলা, পুৰুষ আৰু শিশুকে ধৰি মুঠ ৭১৮জন লোকে মণিপুৰত প্ৰৱেশ কৰিছিল। চাণ্ডেল জিলাৰ মাজেৰে মণিপুৰত প্ৰৱেশ কৰে লোকসকলে। প্ৰৱেশ কৰাসকলৰ কাৰো হাতত উপযুক্ত নথি-পত্ৰ নাই। ম্যানমাৰৰ পৰা এই অনুপ্ৰৱেশকাৰীৰ জৰিয়তে মণিপুৰলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰি ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিব পাৰে বুলি মণিপুৰ চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত মণিপুৰ চৰকাৰে সীমান্তত নিয়োজিত আছাম ৰাইফলছক যিকোনো অবৈধ প্ৰৱেশ (উচিত নথি-পত্ৰ অবিহনে) কঠোৰভাৱে দমন কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি ৭১৮জন লোকে কিদৰে প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিলে, সেই সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈও জনোৱা হৈছে।