বিধ্বংসী ভূঁইকঁপত বিধ্বস্ত ম্যানমাৰ–থাইলেণ্ড
🔹 ১০০০তকৈ অধিক লোকৰ প্রাণহানি : সন্ধানহীন সহস্ৰাধিক
নিউজ ডেস্ক, ২৯ মার্চ : শক্তিশালী ভূমিকম্পই কঁপাই তুলিছে দক্ষিণ–পূব এছিয়া অঞ্চল৷ কালি পুৱা ৭.৭ প্রাবল্যৰ পাছত পুনৰ ৬.৪ প্রাবল্যৰ ভূমিকম্পত বিধ্বস্ত ম্যানমাৰ আৰু থাইলেণ্ডৰ বিভিন্ন অঞ্চল৷ শক্তিশালী ভূমিকম্পত বিধ্বস্ত হৈছে থাইলেণ্ডৰ ৰাজধানী বেংকক৷ বেংককত তাচপাতৰ দৰে খহি পৰে প্রাসাদোপম অট্টালিকা৷ বেংককত ভূমিকম্পৰ জোকাৰণিত ত্রাসিত হৈ লোকে ইফালে-সিফালে দৌৰিবলৈ ধৰে৷ ভূমিকম্পৰ প্রবল জোকাৰণিত ম্যানমাৰ আৰু থাইলেণ্ডৰ বেংকককে ধৰি বিভিন্ন অঞ্চলৰ শতাধিক বাসগৃহ বিধ্বস্ত হোৱাৰ লগতে দলং ভাগি পৰিছে৷ বাট–পথসমূহত প্রকাণ্ড প্রকাণ্ড ফাট মেলিছে৷ বিধ্বস্ত অঞ্চলত বাতৰি যুগুতোৱা পৰলৈকে অতি কমেও ১০০০ লোক নিহত হোৱাৰ তথ্য পোৱা গৈছে ৷ ধ্বংসস্তূপৰ মাজত বহু লোক আবদ্ধ হৈ থকাৰ শংকা কৰা হৈছে৷ থাইলেণ্ডৰ ৰাজধানী বেংককত বহু লোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ইয়াতো ধ্বংসস্তূপৰ মাজত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ শংকা ঘনীভূত হৈছে৷ তথ্য মতে, ম্যানমাৰ আৰু থাইলেণ্ডত কেইবাশ লোক নিৰুদ্দেশ হৈ আছে৷ উদ্ধাৰকাৰী দলসমূহে ইতিমধ্যে ধ্বংসস্তূপৰ মাজত জীৱিত আৰু মৃত লোকৰ সন্ধান চলাই আছে৷ কালি পুৱা ৭.৭ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণিত জনতাৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ জীৱন বচাবলৈ দৌৰা–দৌৰি কৰে৷ ইপিনে, সামাজিক মাধ্যমত ভূমিকম্পৰ জোকাৰণিত জনতাৰ হাহাকাৰ আৰু অট্টালিকা ভাগি পৰাৰ ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে৷ শক্তিশালী ভূমিকম্পৰ ফলত বিধ্বস্ত হোৱা ম্যানমাৰ আৰু থাইলেণ্ডত ইতিমধ্যে চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ থাইলেণ্ডৰ প্রধানমন্ত্রী পি চিনাৱাট্টাই ৰাষ্ট্রীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ বেংককৰ বিভিন্ন অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ জনতাক এছএমএছ আৰু মিডিয়াযোগে উদ্ধাৰকাৰী দলক তথ্য অৱগত কৰিবলৈ আহ্বান জনাইছে প্রধানমন্ত্রীগৰাকীয়ে৷ ম্যানমাৰতো জৰুৰী অৱস্থা ঘোষণা কৰি উদ্ধাৰৰ লগতে বিভিন্ন কার্যত সহায়ৰ বাবে বিদেশী ৰাষ্ট্রক আহ্বান জনাইছে চৰকাৰখনে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ভূ–তাত্ত্বিক জৰীপ আৰু জার্মানীৰ জি এফ জেড চেণ্টাৰ ফ’ৰ জিঅ’ ছায়েঞ্চে প্রকাশ কৰা মতে, ম্যানমাৰৰ ছাগাই চহৰৰ উত্তৰ–পশ্চিমে ১৬ কিলোমিটাৰ নিলগত ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্র৷ পুৱা প্রায় ১১.৫০ বজাত ৭.৭ প্রাবল্যৰ শক্তিশালী ভূমিকম্পটোৱে জোকাৰি যোৱাৰ ১২ মিনিট পাছত আন এটা ৬.৪ প্রাবল্যৰ ভূমিকম্পই দেশখন জোকাৰি যায়৷ এই দুই শক্তিশালী ভূমিকম্পৰ পৰৱর্তী সময়ত সৰু সৰুকৈ কেইবাটাও জোকাৰণি অনুভূত হয়৷ তদুপৰি যোৱানিশা ৪.২ প্ৰাবল্যৰ আন এক ভূমিকম্পৰ জোকাৰণিত বিধ্বস্ত অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰে। শক্তিশালী ভূমিকম্পৰ ফলত ম্যানমাৰত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাশ লোকৰ প্রাণহানি হৈছে৷ দ্বিশতাধিক লোক আহত হোৱাৰ লগতে অনেক লোক এতিয়াও নিৰুদ্দেশ হৈ আছে৷ উল্লেখ্য যে ম্যানমাৰ আৰু থাইলেণ্ডৰ উপৰি এই ভূমিকম্পৰ জোকাৰণি বাংলাদেশ আৰু ভাৰততো অনুভূত হয়৷ অৱশ্যে ম্যানমাৰ আৰু থাইলেণ্ডৰ দৰে এই দুই দেশত বিশেষ ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই৷ বেংককত থকা ভাৰতীয় দূতাবাসে ইতিমধ্যে হেল্প লাইন নম্বৰ প্রচাৰ কৰি ভাৰতীয় লোকক তথ্য অৱগত কৰিবলৈ আহ্বান জনাইছে৷ ইপিনে, ম্যানমাৰ আৰু থাইলেণ্ডত ভূমিকম্পই হাহাকাৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিধ্বস্ত দুই দেশলৈ সহমর্মিতা প্রকাশ কৰিছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে কয়– ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ পাছৰ পৰিস্থিতিক লৈ উদ্বিগ্ণ৷ সুৰক্ষা আৰু সকলোৰে কল্যাণৰ বাবে প্রার্থনা জনাইছোঁ৷ ভাৰত সকলো সম্ভাব্য সহায়ৰ বাবে সাজু হৈ আছে৷ ইতিমধ্যে বিভাগীয় কর্তৃপক্ষসমূহক সাজু হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ বৈদেশিক মন্ত্রালয়ক ম্যানমাৰ আৰু থাইলেণ্ডৰ চৰকাৰৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰিবলৈ নির্দেশ দিয়া হৈছে৷