নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰ–থাইলেণ্ডৰ ধ্বংসলীলা : ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিছিল তৰুণ জ্যোতিষীয়ে

নিউজ ডেস্ক, ১ এপ্ৰিলঃ ভয়াৱহ ভূমিকম্পত বিধ্বস্ত হৈছে ম্যানমাৰ আৰু থাইলেণ্ডৰ বিস্তীর্ণ অঞ্চল৷ বহু প্রাসাদ ধ্বংসস্তূপত পৰিণত হৈছে৷ মানমাৰত ইতিমধ্যে প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ২,০০০ অতিক্রম কৰা বুলি দেশখনৰ প্রশাসনে সদৰী কৰিছে৷ প্রতিবেশী থাইলেণ্ডতো প্রাণ হেৰুৱাইছে কুৰিগৰাকী লোকে৷ ভূমিকম্পৰ এই ভয়াৱহ পৰিস্থিতিক লৈ চর্চা চলি থকা সময়তে এজন তৰুণ জ্যোতিষীৰ কথা সংবাদ মাধ্যমৰ নজৰলৈ আহিছে৷ ভাৰতৰ এই তৰুণ জ্যোতিষীজনে প্রকৃতিৰ ৰোষত আধুনিক জনপথ বিধ্বস্ত হৈ পৰিব বুলি মাত্র কেইদিনমান পূর্বে ভৱিষ্যদ্বাণী কৰিছিল৷ কিন্তু জ্যোতিষীজনৰ ভৱিষ্যদ্বাণীক গুৰুত্ব দিয়া হোৱা নাছিল৷ কুৰি বছৰীয়া এই জ্যোতিষীজনৰ নাম অভিজ্ঞ আনন্দ৷ নিজকে ‘ত্রিকালজ্ঞ’ বুলি দাবী কৰিছে অভিজ্ঞই৷ কর্ণাটকৰ মহীশূৰৰ বাসিন্দা অভিজ্ঞক বিশ্বৰ সর্বকনিষ্ঠ জ্যোতিষী বুলি অভিহিত কৰা হৈছে৷ মাত্র ৭ বছৰ বয়সতে ভাগৱত–গীতা কণ্ঠস্থ কৰিছিল অভিজ্ঞই৷ অভিজ্ঞৰ এটা ইউটিউব চেনেল আছে৷ এই চেনেলটোত চলিত বর্ষৰ ১ মার্চত আপলোড কৰা এটা ভিডিঅ’ত ভূমিকম্পৰ পূর্বাভাস দিছিল জ্যোতিষীজনে৷ এই ভিডিঅ’টোত ভূমিকম্পই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল৷ এতিয়া অভিজ্ঞই দাবী কৰিছে যে তেওঁৰ ভৱিষ্যদ্বাণী আখৰে আখৰে মিলিছে৷ জ্যোতিষীজনে কৈছিল যে আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে বছৰৰ মাজভাগত ভয়ংকৰ ভূমিকম্পই মাৰাত্মক ধ্বংসযজ্ঞ চলাব৷ ইয়াৰ ঠিক ২৮ দিন পাছতে ম্যানমাৰ আৰু থাইলেণ্ডত ভূমিকম্পই ধ্বংসলীলাৰ সৃষ্টি কৰিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বে একাধিক ভৱিষ্যদ্বাণী কৰিছিল মহীশূৰৰ এই তৰুণ জ্যোতিষীজনে৷ তেওঁৰ দাবী অনুসৰি ২০২০ চনৰ কোভিড, ২০২২ চনৰ ৰাছিয়া–ইউক্রেইন যুদ্ধ আৰু ২০২৩ চনত ইজৰাইল–হামাছৰ সংঘাতৰ ভৱিষ্যদ্বাণীও কৰিছিল৷ ইফালে বাংলাদেশৰ গণ অভ্যুত্থান আৰু শ্বেখ হাছিনা চৰকাৰৰ পতনৰ কথাও পূর্বেই কৈ থৈছিল অভিজ্ঞই৷

You might also like