প্রতি ৪৪ মিনিটৰ মূৰে মূৰে মহাকাশৰ পৰা পৃথিৱীলৈ আহিছে ৰহস্যময় সংকেত
🔹 অষ্ট্রেলিয়াৰ বিজ্ঞানীৰ নতুন মহাজাগতিক আৱিষ্কাৰ
নিউজ ডেস্ক, ৩ জুন : প্রতি ৪৪ মিনিটৰ মূৰে মূৰে পৃথিৱীলৈ প্রেৰণ কৰা হৈছে ৰেডিঅ’ আৰু ৰঞ্জন ৰশ্মি (এক্স-ৰে’) সংকেত! শেহতীয়াকৈ এনে আৱিষ্কাৰে বিজ্ঞানীসকলৰ চকু কপালত তুলিছে৷ অষ্ট্রেলিয়াৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে এই মহাজাগতিক ৰহস্যৰ৷ সমগ্র বিশ্বৰ জ্যোতির্বিজ্ঞানীসকলে এই আৱিষ্কাৰক লৈ আশ্চর্য প্রকাশ কৰিছে৷ মহাজাগতিক এই অজ্ঞাত বস্তুৰ নাম ৰখা হৈছে ‘এএছকেএপিজে১৮৩২–০৯১১’৷ ইয়াৰ পৰাই প্রতি ৪৪ মিনিটৰ মূৰে মূৰে ৰেডিঅ’ আৰু এক্স–ৰে’ বার্তা প্রেৰিত হৈছে পৃথিৱীলৈ৷ ইয়াৰ পূর্বে কেতিয়াও জ্যোতির্বিজ্ঞানীসকলে এনে মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’বলগীয়া হোৱা নাছিল৷ ‘অষ্ট্রেলিয়ান স্কুৱেৰ কিলোমিটাৰ আৰে পাথফাইণ্ডাৰ’ (এএছকেএপি) আৰু মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ শক্তিশালী চন্দ্র এক্স–ৰে’ মান মন্দিৰত এই নতুন আৱিষ্কাৰ সম্ভৱ হৈছে৷ বিজ্ঞানীসকলে সদৰী কৰা অনুসৰি, এই মহাজাগতিক ৰহস্যৰ পৰা পৃথিৱীলৈ প্রেৰিত সংকেতবোৰ প্রতি ২ মিনিটৰ বাবে স্থায়ী হয়৷ পুনৰ নির্দিষ্ট বিৰতিৰ অন্তত এই সংকেত পঠিওৱা হয়৷ এই আচৰণক বিৰল বুলি ধাৰণা কৰিছে জ্যোতির্বিজ্ঞানীসকলৰ একাংশই৷ গতিকে এই আৱিষ্কাৰে মৃত নক্ষত্রৰ বিৱর্তন আৰু জ্যোতির্পদার্থবিদ্যাৰ বিভিন্ন অজানা সম্ভাৱনা সম্পর্কে নতুন প্রশ্ণৰ উত্থাপন কৰিছে৷ লক্ষণীয়ভাৱে এই নতুন আৱিষ্কাৰ মহাকাশ বিজ্ঞানৰ এক বিৰল আৱিষ্কাৰ হিচাপে চিহ্ণিত হৈছে৷