নিলামত ভবাতকৈ অধিক দামত বিক্রী নাডালৰ প্রিয় ৰেকেট
🔹 মূল্য ১ কোটি ৩৪ লাখ ৫২ হাজাৰ টকা
নিউজ ডেস্ক, ১৩ জুন : অভিলেখ মূল্যত বিক্রী হৈছে কিংবদন্তি টেনিছ খেলুৱৈ স্পেইনৰ ৰাফেল নাডালৰ এখন ৰেকেট৷ ২০১৭ চনত উক্ত ৰেকেটখনেৰে নাডালে ফ্রেন্স অ’পেনৰ খিতাপ জয় কৰিছিল৷ উক্ত ৰেকেটখন নিলাম কৰা হয়৷
প্রেষ্টিজ মেম’ৰেবিলিয়া নিলামত নাডালৰ প্রিয় ৰেকেটখন নিলামৰ বাবে ৰখা হৈছিল৷ আৰম্ভণিৰ পৰাই ভাল দাম লাভ কৰিব বুলি আশা কৰা হৈছিল৷ অৱশ্যে ২২বাৰৰ গ্রেণ্ডশ্লাম বিজয়ী নাডালৰ ৰেকেটখনৰ মূল্য আশা কৰাতকৈ অধিক মূল্যত বিক্রী হয়৷ এক লাখ ৫৭ হাজাৰ ৩৩৩ ডলাৰতকৈও অধিক মূল্যত বিক্রী হয় ৰেকেটখন৷ ভাৰতীয় মূল্যত ৰেকেটখন এক কোটি ৩৪ লাখ ৫২ হাজাৰ টকাত বিক্রী হয়৷
ৰেকেটখন অধিক মূল্যত বিক্রী হোৱা সন্দর্ভত এজন নিলাম বিশেষজ্ঞই কয় যে গ্রেণ্ডশ্লামৰ ফাইনেলত নাডালে ব্যৱহাৰ কৰা ৰেকেট বিচাৰি পোৱাটো কঠিন৷ বিশেষকৈ ফ্রেন্স অ’পেনৰ ফাইনেলত ব্যৱহাৰ কৰা ৰেকেট বিচাৰি পোৱাটো আৰু কঠিন৷ সেইবাবেই স্পেইনৰ প্রাক্তন তাৰকা খেলুৱৈগৰাকীৰ ৰেকেটখন ইমান ব্যয়বহুল হৈ পৰিছে৷