জেভেলিনত স্বৰ্ণজয়ী নাদিমে লাভ কৰিলে ৫০ হাজাৰ ডলাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ আগষ্টঃ পেৰিছ অলিম্পিকত পাকিস্তানী খেলুৱৈ আৰ্ছাদ নাদিমে স্বৰ্ণপদক লাভ কৰে। এনেদৰে অলিম্পিকত পাকিস্তানৰ হৈ ব্যক্তিগত স্বৰ্ণ জয় কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় নাদিম। একে সময়তে ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে। কিন্তু সোণৰ পদক লাভ কৰা নাদিমে কিমান পুৰস্কাৰৰ ধন পালে জানেনে? আচলতে নাদিমে পুৰস্কাৰৰ ধন হিচাপে লাভ কৰিছিল ৫০ হাজাৰ ডলাৰ টকা। ভাৰতীয় টকাত এই ধনৰাশি প্ৰায় ৪২ লাখ টকা। আনহাতে এই দাম পাকিস্তানী টকাত ১ কোটি ৪০ লাখ। কিন্তু ৰূপৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই কিমান টকা পাব? অৱশ্যে আপুনি জানি আচৰিত হ’ব যে নীৰজ চোপ্ৰাই অলিম্পিক বা বিশ্ব এথলেটিকছৰ পৰা ৰূপৰ পদক লাভ কৰাৰ বাবে কোনো ধৰণৰ পুৰস্কাৰৰ ধন লাভ কৰা নাই। দৰাচলতে পেৰিছ অলিম্পিকত বিশ্ব এথলেটিকছে কেৱল স্বৰ্ণ পদক বিজয়ীসকলৰ বাবেহে পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। অৱশ্যে লছ এঞ্জেলছ অলিম্পিকৰ পৰা এথলেটিকছত ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলকো পুৰস্কাৰৰ ধন প্ৰদান কৰা হ’ব। এথলেটিকছৰ বাহিৰেও এইবাৰ আন কোনো ইভেণ্টত বিজয়ীসকলে লাভ কৰা নাই কোনো পুৰস্কাৰৰ ধন। উল্লেখযোগ্য যে প্ৰায় ৩২ বছৰৰ অন্তত পাকিস্তানে অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে পাকিস্তানে শেষবাৰৰ বাবে পদক লাভ কৰিছিল ১৯৯২ চনত বাৰ্চিলোনা অলিম্পিকত। এতিয়ালৈকে পাকিস্তানে অলিম্পিকৰ ইতিহাসত ৪টা স্বৰ্ণ পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে হকীত পাকিস্তানৰ তিনিওটা স্বৰ্ণ পদক আহিছিল যদিও এইবাৰ জেভেলিন নিক্ষেপত স্বৰ্ণপদক অৰ্জন কৰে নাদিমে। লগতে, ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাত প্ৰথমবাৰৰ বাবে পাকিস্তানী খেলুৱৈ হৈছে নাদিম। পেৰিছ অলিম্পিকত নাদিমে নৰৱেৰ আন্দ্ৰেয়াছ টিৰ অভিলেখ ভংগ কৰিছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকত নৰৱেৰ আন্দ্ৰেয়াছ টিয়ে ৯০.৫৭ মিটাৰ থ্ৰ’ কৰিছিল যদিও এতিয়া নাদিমে নিজৰ নামত এই অভিলেখ দখল কৰিছে।