প্রথমবাৰলৈ বৃহস্পতি গ্রহৰ সুদৃশ্য আলোকচিত্র মুকলি
নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: বিশ্ব ব্রহ্মাণ্ডক লৈ জ্যোতির্বিজ্ঞানীসকলৰ্ গৱেষণাই নতুন মাত্রা লাভ কৰিছে৷ অসীম মহাবিশ্ব সন্দর্ভত ন ন তথ্য সংগ্রহৰ বাবে প্রতি মুহূর্ততে গৱেষণা চলাই আহিছে বিজ্ঞানীসকলে৷ শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ বৃহৎ তথা শক্তিশালী দূৰবীণেৰে সংগ্রহ কৰা হৈছে বৃহস্পতি গ্রহৰ ছবি৷ সৌৰ জগতৰ বৃহত্তম গ্রহটোৰ এই ছবি সংগ্রহ কৰা হৈছে জেমছ ৱেব দূৰবীণেৰে৷ জেমছ ৱেব মহাকাশ দূৰবীণ (জেডব্লিউএছটি) যোৱা জুলাই মাহত সৌৰজগতৰ বৃহত্তম গ্রহটোৰ আলোকচিত্র সংগ্রহ কৰিছিল৷ ছবিবোৰত বৃহস্পতিৰ বুকুত সৃষ্টি হোৱা ধুমুহা ইয়াৰ উপগ্রহ আৰু চৌদিশে সিঁচৰতি হৈ থকা আঙঠিসদৃশ সর্পিল ৰেখাবোৰ স্পষ্ট হৈ পৰিছে৷
জ্যোতির্বিজ্ঞানীসকলৰ্ মতে এই আলোকচিত্র অতুলনীয়৷ ইয়াৰ পূর্বে বৃহস্পতিৰ এনে ছবি সংগ্রহ কৰাটো সম্ভৱ হোৱা নাছিল৷ কেলিফর্নিয়া বিশ্ববিদ্যালয়ত গ্রহৰ ওপৰত গৱেষণা চলাই থকা জ্যোতির্বিজ্ঞানী ইমকে ডে পিটাৰে উল্লেখ কৰা অনুসৰি বৃহস্পতিক এই ৰূপত আৱিষ্কাৰ কৰিব পৰাটো জ্যোতির্বিজ্ঞানৰ বাবে অন্যতম বৃহৎ সফলতা৷ উল্লেখনীয় যে এহেজাৰ কোটি ডলাৰৰ জে ডব্লিউ এছ টি মিছন মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই চলাই আছে৷ নাছাক এইক্ষেত্রত সহযোগিতা আগবঢ়াইছে ইউৰোপ আৰু কানাডাৰ মহাকাশ সংস্থাই৷ মাত্র কেইদিনমান পূর্বে নাছাই বিশ্বব্রহ্মাণ্ডৰ এনে এক আলোকচিত্র মুকলি কৰি দিবলৈ সক্ষম হৈছিল, যাক বিজ্ঞানৰ মহাবিশ্ব সন্দর্ভত সত্য উদঘাটনৰ সফল যাত্রাৰ আৰম্ভণি বুলি আখ্যা দিয়া হৈছিল৷ শেহতীয়াকৈ বৃহস্পতি গ্রহৰ এই আলোকচিত্র মুকলিৰ পিছতে বিষয়টোক লৈ সৃষ্টি হৈছে আলোড়ন৷