নাছাৰ বিজ্ঞানীয়ে প্রস্তুত কৰে ৰ’নাল্ডোৰ খাদ্য তালিকা
🔹 পিচিবিৰ প্রাক্তন অধ্যক্ষ ৰামিজ ৰাজাৰ অদ্ভুত মন্তব্য
বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : নাছাৰ বিজ্ঞানীয়ে প্রস্তুত কৰে বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ পর্তুগালৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ খাদ্য তালিকা৷ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ প্রাক্তন অধ্যক্ষ ৰামিজ ৰাজাৰ এই অদ্ভুত মন্তব্যই সম্প্রতি বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ ছুনো নিউজৰ সৈতে হোৱা সাক্ষাতকাৰত পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে দাবী কৰে যে ৰিয়েল মাদ্রিদৰ প্রাক্তন তাৰকা খেলুৱৈ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ খাদ্য তালিকা প্রস্তুত কৰে নেচনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্রেচন (নাছা)ৰ বিজ্ঞানীসকলে৷ তাৰকা ফুটবলাৰগৰাকীয়ে কি খাব, কি নাখাব সেইটো নাছাৰ এজন বিজ্ঞানীয়ে সিদ্ধান্ত লয়৷ ৰামিজ ৰাজাৰ এই সাক্ষাতকাৰৰ এটি সৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে হাঁহিৰ খোৰাক হৈ পৰে৷ ৰ’নাল্ডোৱে উচ্চ প্র’টিনযুক্ত খাদ্য অনুসৰণ কৰে বুলি উল্লেখ কৰি ৰামিজ ৰাজাই লগতে কয় যে পর্তুগালৰ ফুটবলাৰগৰাকীয়ে চেনি আৰু প্রচেছড খাদ্যৰ পৰিমাণ কম কৰি খোৱাৰ লগতে কিছু পৰিমাণে মাংস আৰু শাক–পাচলিও খায়৷ তেওঁ বায়ুমণ্ডলীয় পানীয়ৰ পৰা আঁতৰি থাকে আৰু ধূম্রপান অথবা মদ্যপান কৰাৰ পৰা বিৰত থাকে৷ ৰ’নাল্ডোৰ ফিটনেছ দোহাৰি পাকিস্তানী ক্রিকেটাৰসকলক ফিটনেছৰ পৰামর্শ দিবলৈ গৈ জনতাৰ মাজত হাঁহিয়াতৰ পাত্রহে হৈ পৰে পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰগৰাকী৷