নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বৰষুণৰ পূর্বে প্রাকৃতিক বৰষুণে ধুই নিলে দেশৰ ৰাজধানীৰ প্রদূষণ

🔹 যুগ্ম–অযুগ্ম নম্বৰ প্লেটৰ গাড়ী চলোৱাৰ নিয়ম বাতিল

বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : এজাক বৰষুণে সাময়িকভাৱে শ্বাসৰুদ্ধ পৰিৱেশৰ পৰা সকাহ দিলে দিল্লীবাসীক৷ প্রদূষিত বায়ুৰ বাবে শ্বাস–প্রশ্বাসৰ সমান্তৰালকৈ স্বাস্থ্যৰ ভাবুকিৰ মাজত স্বাভাৱিক জীৱন ব্যাহত হোৱা দিল্লীবাসীক আজি পুৱা এজাক বৰষুণে সাময়িকভাৱে সকাহ দিলে৷ দেশৰ ৰাজধানী দিল্লীৰ নাগৰিকে বৰষুণৰ বাবেই প্রদূষণৰ পৰা পৰিত্রাণ পালে সাময়িকভাৱে৷ আজি পুৱা অহা এজাক বৰষুণে দিল্লীৰ বায়ুমান সূচক (একিউআই) সামান্যভাৱে উন্নত কৰিলে৷ দিল্লী চৰকাৰে অহা ২০–২১ নৱেম্বৰত কৃত্রিম বৰষুণৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে আজি প্রাকৃতিক বৰষুণে ৰাজধানী চহৰখনৰ প্রদূষিত কুঁৱলীৰ আৱৰণ কিছু উন্নত কৰিলে ৷ ইপিনে, দিল্লীৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে যুগ্ম–অযুগ্ম নীতি তথা যুগ্ম–অযুগ্ম নম্বৰ প্লেটৰ গাড়ী চলোৱাৰ নিয়ম আজি বাতিল কৰে৷ অহা ১৩ নৱেম্বৰৰ পৰা এই নীতি বলৱৎ কৰাৰ কথা আছিল যদিও পৰৱর্তী নির্দেশনা নিদিয়ালৈকে এই নিয়ম বলৱৎ বাতিল কৰা হৈছে৷ আজি পুৱা অহা বৰষুণজাকে বায়ুমানসূচক উন্নীত কৰাৰ পৰিপ্রেক্ষিততেই নিয়মটি বাতিলৰ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি পৰিৱেশ মন্ত্রী ৰায়ে প্রকাশ কৰে৷

You might also like