নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনাই মুম্বাই আৰক্ষীক গতালে ৩৫ ছোমালি জলদস্যু

🔹 ১৫ মার্চত বাণিজ্যিক জাহাজ অপহৰণৰ চেষ্টা ব্যর্থ কৰিছিল ৰণতৰী আইএনএছ কলকাতাই

বিশেষ বাৰ্তা, ২৪ মার্চ : আৰব আৰু লোহিত সাগৰত বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ভাৰতীয় নৌসেনাই চলাই আছে ‘অপাৰেচন সংকল্প’৷ অপাৰেচন সংকল্পৰ জৰিয়তে যোৱা ১৫ মার্চত ছোমালি জলদস্যুৰ বাণিজ্যিক জাহাজ অপহৰণৰ চেষ্টা ব্যর্থ কৰিছিল নৌসেনাই৷ ৪০ ঘণ্টা ধৰি অভিযান চলাই এডেন উপসাগৰৰ পৰা বাণিজ্যিক জাহাজ এখন উদ্ধাৰ কৰাৰ লগতে ৩৫ জলদস্যুক গ্রেপ্তাৰ কৰিছিল নৌসেনাই৷ এই অভিযানত ভাৰতীয় নৌসেনাৰ ৰণতৰী আইএনএছ কলকাতাক ব্যৱহাৰ কৰা হৈছিল৷ কালি বন্দী ৩৫ জলদস্যুক লৈ মুম্বাইৰ বন্দৰত আহি উপস্থিত হয় ৰণতৰী আইএনএছ কলকাতা৷ উল্লেখনীয় যে নৌসেনাৰ তৰফৰ পৰা এই বন্দী জলদস্যুবোৰক মুম্বাই আৰক্ষীৰ হাতত অর্পণ কৰা হৈছে৷ উল্লেখনীয় যে ভাৰতীয় আইন অনুসৰি এই বন্দী জলদস্যুবোৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ বিশেষকৈ মেৰিটাইম এণ্টি পাইৰেচী এক্ট ২০২২ অনুসৰি জলদস্যুৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব ভাৰতে৷ স্মর্তব্য যে দীর্ঘদিন ধৰি আৰব সাগৰ আৰু এডেন উপসাগৰত জলদস্যুৱে বিভিন্ন দেশৰ পণ্য সৰবৰাহকাৰী জাহাজৰ ওপৰত আক্রমণ চলাই আহিছে৷ ইফালে, লোহিত সাগৰত য়েমেনৰ সশস্ত্র সংগঠন হুথীয়ে ক্ষেপণাস্ত্র আৰু ড্রোনেৰে আক্রমণ চলাই আহিছে বাণিজ্যিক জাহাজত৷ এই ঘটনাক লৈ ভাৰত–চীনসহ বিভিন্ন দেশৰ লগতে ইউৰোপ আৰু আমেৰিকায়ো উদ্বেগ প্রকাশ কৰি আহিছে৷ ভাৰতে জলদস্যুৰে মোকাবিলা কৰাৰ লগতে বাণিজ্যিক জাহাজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আন্তর্জাতিক জলৰাশিত নৌসেনাক সষ্টম কৰি ৰাখিছে৷ ইয়াৰ ফলত ৩৫ জলদস্যুক গ্রেপ্তাৰ কৰাটো সম্ভৱ হৈছে৷

You might also like