শিন্দে চৰকাৰত এনচিপিৰ অজিত পাৱাৰ বিত্তমন্ত্রী
বিশেষ বাৰ্তা, ১৪ জুলাই : শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিক বিভক্ত কৰি মহাৰাষ্ট্রৰ বিজেপি–শিৱসেনা চৰকাৰত চামিল হৈ উপ–মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰা অজিত পাৱাৰে লাভ কৰিলে বিত্তমন্ত্রীৰ দায়িত্ব৷ কেবিনেট সম্প্রসাৰণক লৈ কেইবাদিন ধৰি চলি থকা অনিশ্চয়তাৰ অৱসান ঘটাই অৱশেষত একনাথ শিন্দে চৰকাৰত বিত্তমন্ত্রীৰ দায়িত্ব লাভ কৰিলে অজিত পাৱাৰে৷ ইয়াৰ উপৰি বিজেপি–শিৱসেনা চৰকাৰত যোগদান কৰা এনচিপিৰ দিলীপ ৱালছে পাটিলে সমবায়, হাছান মুছৰিফে সংখ্যালঘু পৰিক্রমা, ধর্মৰাও আট্রমে পৰিবহণ, ছগন ভুজৱালে কৃষি, অদিতী টাৎকাৰে মহিলা আৰু শিশু উন্নয়ন, ধনঞ্জয় মুণ্ডেই সামাজিক ন্যায়, সঞ্জয় বানছোড়েই ক্রীড়া আৰু যুৱ কল্যাণ, অনিল পাটিলে খাদ্য যোগান বিভাগৰ মন্ত্রীৰ দায়িত্ব লাভ কৰে ৷ উল্লেখ্য যে এনচিপিয়ে বিজেপি–শিৱসেনা চৰকাৰত সন্মিলিত হোৱাৰ পিছতে চৰকাৰৰ মাজত কিছু অসন্তুষ্টিয়ে দেখা দিছিল৷ ইয়াৰ বাবে কেবিনেট সম্প্রসাৰণত অনিশ্চয়তা আহি পৰিছিল৷