নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজতন্ত্রপন্থী–আৰক্ষীৰ সংঘর্ষত উত্তপ্ত নেপাল

🔹 ৰাজতন্ত্র–হিন্দু ৰাষ্ট্রৰ মর্যাদা বিচাৰি হাজাৰ হাজাৰ লোকৰ প্রতিবাদ

নিউজ ডেস্ক, ২৯ মার্চ : ৰাজতন্ত্রপন্থী আৰু হিন্দু ৰাষ্ট্রৰ মর্যাদা বিচাৰি হাজাৰ হাজাৰ লোকে কাঠমাণ্ডুৰ ৰাজপথত প্রতিবাদী সমদল উলিওৱাৰ সময়তেই নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষ হয়৷ ৰাজতন্ত্রপন্থী আৰু আৰক্ষীৰ সংঘর্ষত উত্তপ্ত হৈ উঠে নেপাল৷ কালি কাঠমাণ্ডুত প্রতিবাদ কর্মী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘর্ষ হোৱাত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ লগতে প্রতিবাদকাৰীও আহত হৈছে৷ এই প্রতিবাদী হিংসাত কেইবাটাও অট্টালিকাত অগ্ণিসংযোগ কৰাৰ লগতে যান–বাহনতো অগ্ণিসংযোগ কৰে প্রতিবাদকাৰীয়ে৷ হিংসাত্মক ঘটনাত উত্তপ্ত হৈ পৰাত কেইবাটাও অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছে৷ প্রতিবাদকাৰীক নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে কেইবাজাঁয়ো গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছো প্রয়োগ কৰিবলগীয়া হয়৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰে যদিও প্রতিবাদকাৰীয়ে আৰক্ষীৰ উপস্থিতিতেই কেইবাটাও অট্টালিকা আৰু বাসগৃহত অগ্ণিসংযোগ কৰে৷ আনকি পথত থকা যান–বাহনতো অগ্ণিসংযোগ কৰে প্রতিবাদকাৰীয়ে৷ পৰিস্থিতি উত্তপ্ত হৈ উঠাত প্রশাসনে তিনকুণে, চিনামংগল আৰু কোটেশ্বৰ অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে৷ দেশখনৰ স্থানীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি প্রতিবাদকাৰীয়ে যেতিয়াই নিৰাপত্তাৰক্ষীৰ বেহু ভেদি আগবাঢ়ি যাবলৈ চেষ্টা কৰি শিলগুটি নিক্ষেপ কৰে, তেতিয়াই আৰক্ষীয়ে প্রতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ প্রয়োগ কৰে৷ আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰাৰ লগে লগে পৰিস্থিতি বিষম হৈ উঠে আৰু প্রতিবাদকাৰীয়ে অঞ্চলটোৰ দোকান–পোহাৰৰ লগতে যান–বাহনতো অগ্ণিসংযোগ কৰে৷ প্রতিবাদকাৰীয়ে অগ্ণিসংযোগ কৰা অট্টালিকাৰ ভিতৰত ব্যৱসায়িক প্রতিষ্ঠান, শ্বপিং মলৰ লগতে সংবাদ মাধ্যমৰ কার্যালয়, আনকি ৰাজনৈতিক দলৰ মুখ্য কার্যালয় আছে৷ এই প্রতিবাদৰ নেতৃত্ব লৈছিল ৰাজতন্ত্রপন্থী ৰাষ্ট্রীয় প্রজাতন্ত্র পার্টীয়ে৷

You might also like