নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালত অর্ধশতাধিকৰ প্রাণহানি : ডুবিল সহস্রাধিকৰ বাসগৃহ

🔹 নেৰানেপেৰা বৰষুণত সৃষ্ট প্রবল বানত বিধ্বস্ত নেপালৰ ৪৪ জিলা

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : শুকুৰবাৰৰ পৰা চলি থকা নেৰানেপেৰা বৰষুণসৃষ্ট প্রবল বানত বিধ্বস্ত নেপাল৷ দেশখনৰ ৪৪খন জিলা বান, ভূমিস্খলন আৰু খহনীয়াত বিস্তৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে ৩৯খন জিলাৰ পথ বিধ্বস্ত হৈ যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে ব্যাহত হৈ পৰিছে৷ প্রবল বানৰ বাবে দেশখনৰ বিভিন্ন প্রান্তৰ ৫০তকৈ অধিক লোকৰ প্রাণহানি হৈছে৷ ১,২৪৪ বাসগৃহ সম্পূর্ণৰূপে পানীত ডুব গৈছে৷ কেইবাখনো কংক্রিটৰ দলং বানে উটুৱাই লৈ গৈছে৷ নিহত ৫০জনৰ ভিতৰত কাঠমাণ্ডু জিলাত ১১, ললিতপুৰ জিলাত ১৬, ভক্তপুৰত ৫, কাভৰেত ৬, সিন্ধু পালচ’কত ২, পাঞ্চথৰত ৫, ধানকোটাত ২, সিনধূলি–ঝাপা আৰু ধাডিঙত একোজনকৈ লোকে প্রাণ হেৰুৱাইছে৷ নেপালৰ অসামৰিক পৰিবহণ বিভাগে প্রকাশ কৰা মতে, শনিবাৰে পুৱাৰ পৰা প্রতিকূল বতৰৰ প্রতি লক্ষ্য ৰাখি সকলো দেশীয় বিমান সেৱা বাতিল কৰা হৈছে৷ অকল ৰাজধানী কাঠমাণ্ডুতে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে তিনি সহস্রাধিক আৰক্ষীৰ জোৱান মোতায়েন কৰা হয় ৷ নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্রেক্ষিতত ৪৪খন জিলাৰ পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ লয়৷ প্রতিকূল বতৰৰ বাবে এই জিলাৰ অধিক ক্ষতিগ্রস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযান চলাব পৰা নাই প্রশাসনে৷ কাঠমাণ্ডুত কালি পুৱা প্রবল বৰষুণসৃষ্ট বানত হাহাকাৰৰ সন্মুখীন হোৱা ২৮১জন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল৷ নেপালৰ ৰাষ্ট্রীয় দুর্যোগ বিভাগে কেইবাটাও অঞ্চলত ৰেড এলার্ট জাৰি কৰি নিশাৰ ভাগত যান–বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে৷ লক্ষণীয় যে দেশখনৰ ৭৭খন জিলাৰ ভিতৰত ৫৬খন জিলাতে পৰৱর্তী চাৰি দিন নেৰানেপেৰা বৰষুণ দিয়াৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷ ইয়াৰ পৰিপ্রেক্ষিতত উক্ত জিলাসমূহত চাৰি দিনৰ বাবে ৰেড এলার্ট জাৰি কৰা হৈছে৷ দেশখনৰ নদীসমূহত জলস্তৰ দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত নদী কাষৰীয়া গাঁৱৰ বাসিন্দাসকলক সজাগ আৰু সাৱধান হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ যথাসম্ভৱ এনে গাঁৱৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ যাবলৈ পৰামর্শ আগবঢ়াইছে প্রশাসনে৷ অনাহকত ভ্রমণ নকৰিবলৈ সকলো নাগৰিকক পৰামর্শ আগবঢ়াইছে প্রশাসনে৷

You might also like