ডুবাইত টীম ইণ্ডিয়াৰ বাবে তৈয়াৰ নতুন পিটচ
নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্রফী৷ প্রতিযোগিতাখনৰ ভাৰতীয় দলটোৰ সকলো মেচ ডুবাইত অনুষ্ঠিত হ’ব৷ ২০ ফেব্রুৱাৰীত বাংলাদেশৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব ৰোহিত বাহিনীয়ে৷ ডুবাইত ভাৰতীয় দলটোৱে কেনেকুৱা খেলপথাৰত মেচ খেলিব, তাক লৈ চর্চা চলি থকাৰ সময়তে ডুবাইৰ খেলপথাৰৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে টীম ইণ্ডিয়াই নতুন খেলপথাৰত খেলিব৷ বিগত কেইমাহমানৰ পৰা ডুবাইত বহু মেচ অনুষ্ঠিত হৈছে৷ মহিলা টি–২০ বিশ্বকাপৰ পিছতে পুৰুষৰ ১৯ বছৰ অনূর্ধ্ব এছিয়া কাপ আৰু শেহতীয়াভাৱে অনুষ্ঠিত হয় এমিৰেটছ টি–২০ লীগ৷ বিগত এমাহত পোন্ধৰখন খেল ডুবাই খেলপথাৰত অনুষ্ঠিত হয়৷ প্রশ্ণ হয়– ইমানবোৰ মেচৰ পিছত তাত নতুন, সতেজ পিটচ বিচাৰি পোৱাটো কঠিন৷ ব্যৱহূত পিটচত খেলাটো এটা সমস্যা৷ কাৰণ ই গতি আৰু বাউঞ্চ হ্রাস কৰে৷ কিন্তু ভাৰতে চিন্তা কৰাৰ প্রয়োজন নাই৷ কাৰণ, ডুবাই খেলপথাৰৰ এজন বিষয়াই সংবাদ প্রতিষ্ঠানৰ আগত কয় যে ভাৰতীয় দলটোৰ বাবে নতুন খেলপথাৰ থাকিব৷ বিষয়াগৰাকীয়ে লগতে কয় যে ডুবাইৰ খেলপথাৰত ১০খন পিটচ কাষে কাষে আছে৷ এমিৰেটছ টি–২০ লীগৰ ১৫খন খেল আঠখন পিটচত অনুষ্ঠিত হয়৷ দুখন পিটচ নতুনকৈ ৰখাৰ নির্দেশ দিয়া হৈছিল৷ টীম ইণ্ডিয়াৰ মেচখনক মনত ৰাখিয়েই দুখন নতুন পিটচ ৰখা হৈছে৷ ফলত ভাৰতে পুৰণি খেলপথাৰত খেলিব নালাগে৷ শনিবাৰে ডুবাইত উপস্থিত হয় ভাৰতীয় দলটো৷ দেওবাৰৰ পৰা ডুবাই ক্রিকেট একাডেমীৰ খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে৷