ব্রিটেইনৰ পৰা অহা ক’ভিডক লৈ এনএফটিৰ বৈঠক
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ব্রিটেইনৰ পৰা সংক্রমণ ঘটা ক’ভিড–১৯ৰ নতুন প্রকৰণ সন্দর্ভত কালি সন্ধিয়া নেচনেল টাস্ক ফ’চ (এনএফটি)এ এক বৈঠকত আলোচনা চলায়৷ এই বৈঠকত আই চি এম আৰৰ তৰফৰ পৰা সহযোগিতা আগবঢ়োৱা হয়৷ বৈঠকত উপস্থিত থাকে নীতি আয়োগৰ সদস্য বিনোদ পাল, আই চি এম আৰৰ স্বাস্থ্য গৱেষণা সচিব তথা সঞ্চালকপ্রধান বলৰাম ভার্গৱ আৰু অন্যান্য শীর্ষ বিষয়াসকল৷
উল্লেখনীয় যে ব্রিটেইনত সংক্রমণ ঘটা ছাৰছ–চি’ভি–২ ভাইৰাছৰ সংক্রমণৰ সময়ত পৰীক্ষা, চিকিৎসা আৰু নিৰীক্ষণ কেনেদৰে চলোৱা হ’ব তাক লৈ আলোচনা চলোৱা হয়৷ ইতিমধ্যে ভাৰততো ব্রিটেইনত ক’ভিডৰ পৰিৱর্তিত প্রকৰণত সংক্রমিত ৰোগী ধৰা পৰিছে৷ ইতিমধ্যে দেশখনৰ সৈতে ভ্রমণ যোগাযোগ বাতিল কৰিছে ভাৰতে৷
অকল ভাৰতেই নহয়, ইউৰোপ তথা বিশ্বৰ কেইবাখনো মহাদেশৰ তৰফৰ পৰা ব্রিটেইনৰ সৈতে ভ্রমণ সম্পর্ক ছেদ কৰা হৈছে৷ নতুন ক’ভিডক লৈ ভাৰতে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা বুলি স্বাস্থ্য মন্ত্রণালয়ে ইতিমধ্যে ঘোষণা কৰিছে৷