ইছলামিক ষ্টেটৰ বিৰুদ্ধে ৪ ৰাজ্যৰ ১৯ স্থানত ‘নিয়া’ৰ তালাচী
🔹 আপত্তিজনক নথি–পত্রসহ ৫জনক গ্রেপ্তাৰ
বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰ : সন্ত্রাসবাদী সংগঠন ইছলামিক ষ্টেট (আইএছ)ৰ সৈতে সম্পর্কিত দেশৰ ১৯টা স্থানত তালাচী চলায় ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ই৷ এনডিটিভিৰ এক প্রতিবেদন অনুসৰি কালি পুৱাৰে পৰা চাৰিখন ৰাজ্যৰ ১৯ স্থানত কেন্দ্রীয় সংস্থাটোৰ তদন্তকাৰী বিষয়াসকলে তালাচী চলায়৷ ইছলামিক ষ্টেটৰ চক্র উৎখাত কৰিবলৈ এই তালাচী চলোৱা হয়৷ এই ৰাজ্যকেইখন হৈছে– কর্ণাটক, ঝাৰখণ্ড, মহাৰাষ্ট্র আৰু দিল্লী৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ইছলামিক ষ্টেটৰ সৈতে সম্পর্ক থকাৰ অভিযোগত পাঁচজনক গ্রেপ্তাৰ কৰিছে ‘নিয়া’ই৷ ইয়াৰ উপৰি বিভিন্ন আপত্তিজনক নথি-পত্র আৰু ডিজিটেল তথ্য-প্রমাণ থকা নগদ ধন জব্দ কৰিছে তদন্তকাৰী বিষয়াসকলে৷