১৯ পলাতক খালিস্তানীৰ ভাৰতৰ সম্পত্তি জব্দ কৰিব ‘নিয়া’ই
🔹 খালিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ ভাৰত
🔹বিদেশত আত্মগোপন কৰি থকা সন্ত্রাসবাদীক নাকী লগোৱাৰ প্রচেষ্টা মোদী চৰকাৰৰ
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : খালিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে ভাৰতে৷ কানাডাস্থিত খালিস্তানী সন্ত্রাসবাদী তথা খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডত ভাৰত জড়িত বুলি কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডোৱে ঘোষণা কৰাৰ পাছতে ভাৰত–কানাডাৰ মাজত খালিস্তানী সন্ত্রাসবাদীক লৈ সংঘাত আৰম্ভ হৈছে৷ দুয়ো দেশৰ মাজত কূটনৈতিক সম্পর্কত সংঘাত আৰম্ভ হোৱাৰ সময়তে কানাডাস্থিত হিন্দুসকলক নিষিদ্ধ খালিস্তানী সন্ত্রাসবাদীয়ে স্বদেশলৈ উভতি যাবলৈ ভাবুকি দিয়াৰ পাছতে ভাৰতে নিষিদ্ধ খালিস্তানী সংগঠনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ ভাৰতীয় হিন্দুক স্বদেশলৈ উভতি আহিবলৈ ভাবুকি দিয়া খালিস্তানী সন্ত্রাসবাদী গুৰপটৱন্ত সিং পান্নুনৰ ভাৰতস্থিত সম্পত্তি জব্দ কৰাৰ পাছত ভাৰতৰ পৰা পলাই গৈ বিদেশত বাহৰ পাতি থকা পলাতক খালিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব ভাৰতে৷ ইতিমধ্যে ভাৰতৰ পৰা পলায়ন কৰি বিদেশত বাহৰ পতা ১৯ খালিস্তানী সন্ত্রাসবাদীৰ তালিকা প্রস্তুত কৰিছে৷ ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ই পলাতক খালিস্তানী সন্ত্রাসবাদীৰ তালিকা প্রস্তুত কৰি অভিযান চলাবলৈ তৎপৰ হৈ উঠিছে৷ ভাৰতৰ পৰা পলাই গৈ গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, ডুবাই, পাকিস্তান আৰু আন দেশত থকা খালিস্তানী সন্ত্রাসবাদীৰ ভাৰতত থকা সকলো সম্পত্তিৰ তথ্য সংগ্রহ কৰি সেইবোৰ বাজেয়াপ্ত কৰিব৷ বিদেশত থাকি ভাৰতবিৰোধী কার্যকলাপত লিপ্ত হৈ থকা খালিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে সন্ত্রাসবিৰোধী আইন ইউএপিএৰ অধীনত ব্যৱস্থা গ্রহণ কৰিব৷ ‘নিয়া’ই প্রস্তুত কৰা তালিকাত গ্রেট ব্রিটেইনত থকা পৰমজিৎ সিং পাম্মা, পাকিস্তানত থকা ৱাধৱা সিং বাবৰ ওৰফে চাচা, গ্রেট ব্রিটেইনত থকা কুলৱন্ত সিং মুথ্রা, সুখপাল সিং, সৰৱজিৎ সিং বেন্নুৰ, কুলৱন্ত সিং ওৰফে কান্তা, গুৰপ্রীত সিং ওৰফে বাগী, দুপিন্দৰ জিৎ, আমেৰিকাত থকা জয় ধালিৱাল, কেলিফ’র্নিয়াত থকা হৰজাপ সিং ওৰফে জাপ্পি সিং, অমৰদীপ সিং পুৰেৱাল, নিউয়র্কত থকা এছ হিম্মৎ সিং, পাকিস্তানৰ লাহোৰত থকা ৰণজিৎ সিং নিতা, ইউৰোপত থকা লখবীৰ সিং ৰ’ডে আদিৰ দৰে কেইবাজনো পলাতক খালিস্তানী সন্ত্রাসবাদী আছে৷