মুম্বাই-আগ্ৰা ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকে প্ৰাণ কাঢ়িলে ৯জনৰ, আহত ২০
বিশেষ বাৰ্তা, ৪ জুলাই : মহাৰাষ্ট্ৰৰ ধুলে জিলাত মঙলবাৰে এটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাকে চাৰিখন বাহনৰ লগতে এখন ধাবা মহটিয়াই নিয়ে। ঘটনাটোত ৯জন লোক নিহত হোৱাৰ লগতে ২০জনতকৈ অধিক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, মুম্বাইৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ধূলে জিলাৰ পালাছনেৰ গাঁৱৰ সমীপত মুম্বাই-আগ্ৰা ঘাইপথত পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। ট্ৰাকখনৰ ব্ৰেক বিকল হৈ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাটোত ট্ৰাকখনে দুখন মটৰ চাইকেল, এখন গাড়ী আৰু আন এখন ট্ৰাকত খুন্দা মৰাৰ পিছত ঘাইপথৰ বাছষ্টপৰ ওচৰৰ ধাবাত খুন্দা মাৰি বাগৰি পৰে বুলি আৰক্ষীয়ে জনায়। ট্ৰাকখন মধ্যপ্ৰদেশৰ পৰা ধূলেলৈ গৈ আছিল। আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।