লাডাখত শোকাৱহ দুৰ্ঘটনাত ৯ জোৱানৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ২০ আগষ্ট : শনিবাৰে সন্ধিয়া লাডাখত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ৯জন জোৱানৰ মৃত্যু হয়। লেহৰ পৰা নিয়োমালৈ কনভয়ৰ অংশ হিচাপে গৈ থকা এখন এ এল এছ বাহনে প্ৰায় ৬ বজাত পাহাৰৰ পৰা খাৱৈত বাগৰি পৰে। পাহাৰীয়া পথত গৈ থকা অৱস্থাত সেনা বাহিনীৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ট্ৰাকখনত এজন বিষয়াসহ মুঠ ১০জন জোৱান আছিল । বিষয়াজনকে ধৰি ৯জনৰ মৃত্যু হয়। এজন আহত হয়। আহতজনক উদ্ধাৰ কৰি সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সেনাৰ সূত্ৰ অনুসৰি লেহৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত কিয়াৰী নামৰ ঠাইত সংঘটিত হয় এই দুৰ্ঘটনা।