নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে নির্বাচিত নীতা আম্বানি

বিশেষ বাৰ্তা, ২৫ জুলাই : বর্তমান পেৰিছত চলি থকা ১৪২সংখ্যক আই’চি অধিৱেশনত আন্তর্জাতিক অলিম্পিক সমিতিয়ে নীতা আম্বানীক ভাৰতৰ আই’চিৰ সদস্য হিচাপে সর্বসন্মতিক্রমে পুনৰ নির্বাচিত কৰে৷ ভাৰতৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে এশ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে৷ পুনৰ নির্বাচনৰ পিছত নীতা আম্বানীয়ে এক বিবৃতিৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নির্বাচিত হোৱাৰ বাবে গৌৰৱান্বিত বুলি মন্তব্য কৰে৷ তাৰ বাবে ৰাষ্ট্রপতি আৰু আই’চিৰ সকলো সহকর্মীক তেওঁৰ ওপৰত ৰখা বিশ্বাসৰ বাবে ধন্যৱাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে নীতা আম্বানীক প্রথমবাৰৰ বাবে ২০১৬ চনত ৰি’ ডি জেনেৰি’ অলিম্পিক গেমছত সন্মানীয় সংস্থাটোত যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছিল৷ তেতিয়াৰে পৰা আই’চিত যোগদান কৰা ভাৰতৰ প্রথমগৰাকী মহিলা হিচাপে পৰিচিত হয় নীতা আম্বানী৷ দায়িত্ব গ্রহণ কৰাৰ পিছত নীতাই ৪০ বছৰতকৈও অধিক সময়ৰ পিছত ২০২৩ চনৰ অক্টোবৰত মুম্বাইত প্রথম আই’চি অধিৱেশন আয়োজন কৰে৷ ভাৰতীয় অলিম্পিক সংস্থাৰ সৈতে দীর্ঘম্যাদী অংশীদাৰিত্বৰ অংশ হিচাপে ৰিলায়েন্স ফাউণ্ডেচনে পেৰিছ অলিম্পিক ২০২৪ত প্রথমবাৰৰ বাবে ইণ্ডিয়া হাউছ মুকলি কৰিছে৷

You might also like