নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ভাৰতৰ গতিক কোনেও ৰখাব নোৱাৰিব

🔹 ৰেডিঅ’ৰ ১০৮সংখ্যক ‘মন কী বাত’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ঘোষণা

বিশেষ বাৰ্তা, ১ জানুৱাৰী : বর্ষটোৰ অন্তিম ‘মন কী বাত’ত কালি দেশবাসীক সম্বোধি প্রধানমন্ত্রী মোদীয়ে আত্মনির্ভৰতাৰ প্রসংগ পুনৰ উত্থাপন কৰে৷ কালি ৰেডিঅ’ৰ ১০৮সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কয় যে নতুন ভাৰতক আৰু কোনেও আগবাঢ়ি যোৱাৰ ক্ষেত্রত বাধা দিব নোৱাৰে৷ ইয়াৰ লগতে ২০২৩ চনত ভাৰত কি কি অভিজ্ঞতাৰ সন্মুখীন হ’ল, সেই কথাও উল্লেখ কৰে মোদীয়ে৷ ১০৮সংখ্যক ‘মন কী বাত’ত ‘১০৮’ সংখ্যাতত্ত্বক লৈও মুখ খুলিলে মোদীয়ে৷ তেওঁ কয় যে ১০৮ সংখ্যাৰ গুৰুত্ব আৰু পৱিত্রতা গভীৰ অধ্যয়নৰ বিষয়৷ জপমালাত ১০৮ ৰুদ্রাক্ষ, ১০৮বাৰ জপ কৰা, ১০৮টা ঐশ্বৰিক গোলক, ১০৮টা মন্দিৰৰ ছিৰি, ১০৮টা ঘণ্টা আদি এই ১০৮ নম্বৰটো অসীম বিশ্বাসৰ সৈতে জড়িত বুলিও মোদীয়ে উল্লেখ কৰে৷ গতিকে এই ‘মন কী বাত’ নিজৰ বাবেই বিশেষ হৈ পৰা বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে৷ ইফালে, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে মোদীয়ে৷ ইছা ফাউণ্ডেচনৰ প্রতিষ্ঠাতা সদ্গুৰু, ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰ, দবা কিংবদন্তি বিশ্বনাথন আনন্দ আৰু অভিনেতা অক্ষয় কুমাৰেও মোদীৰ সৈতে এই অনুষ্ঠানত কথা পাতে৷ ইফালে, ভাৰতীয় নাৰী বিজ্ঞানীসকলৰ প্রশংসা কৰাৰ উপৰি অযোধ্যাৰ ৰাম মন্দিৰৰ প্রসংগও উল্লেখ কৰে মোদীয়ে৷

You might also like