নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় পক্ষ নাই : পাকিস্তানৰ অনুৰোধতে যুদ্ধবিৰতি

🔹 তৃতীয় পক্ষ নাই : পাকিস্তানৰ অনুৰোধতে যুদ্ধবিৰতি

🔹 যুদ্ধবিৰতিত সহমত সন্দর্ভত প্রথমবাৰলৈ গুৰুত্বপূর্ণ মন্তব্য প্রধানমন্ত্রী মোদীৰ

নিউজ ডেস্ক, ২৬ মে’ : পেহেলগামৰ নাৰকীয় নৰসংহাৰৰ পিছত সন্ত্রাসবাদৰ পৃষ্ঠপোষক চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণেৰে আক্রমণাত্মক হৈ পৰা ভাৰতে যুদ্ধবিৰতিৰ সিদ্ধান্তত সহমত প্রকাশ কৰা সন্দর্ভত প্রথমবাৰলৈ গুৰুত্বপূর্ণ মন্তব্য কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

সীমাৰ সিপাৰৰ পৰা ভাৰত ভূমিত অস্থিৰতা সৃষ্টিৰ অহৰহ কুটিল ষড়যন্ত্র ৰচনা কৰি অহা পাকিস্তানী সন্ত্রাসবাদীৰ ঘাটি মাটিত মিহলাই দিয়া ভাৰতীয় সেনা বাহিনীৰ সফল অভিযান ‘অপাৰেচন সিন্দূৰ’ প্রসংগত প্রধানমন্ত্রী মোদীয়ে কয় যে পাকিস্তানৰে যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত তৃতীয় পক্ষৰ কোনোধৰণৰ হস্তক্ষেপ নাছিল৷ কেৱল পাকিস্তানৰ অনুৰোধ ক্রমেহে যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হয়৷

মন কৰিবলগীয়া যে যোৱা ২২ এপ্রিলত মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত ধর্মৰ ভিত্তিত পাকিস্তানী সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকসকলক হত্যা কৰিছিল৷ ইয়াৰ পিছতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ভূমিত থকা সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই প্রত্যাক্রমণ চলায়৷ দুয়োখন ৰাষ্ট্রৰ মাজত কার্যতঃ যুদ্ধৰ দামামা বাজি উঠাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এইক্ষেত্রত মধ্যস্থতা কৰা বুলি দাবী কৰিছিল৷ তাৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে যুদ্ধবিৰতি সম্পর্কত কৰা উক্ত মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷

উল্লেখ্য যে সুশাসনৰ লক্ষ্য নির্ধাৰণকল্পে কালি নতুন দিল্লীত প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বিজেপি নেতৃত্বাধীন মিত্রজোঁট এনডিএশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রী আৰু উপ–মুখ্যমন্ত্রীসকলৰ এখন গুৰুত্বপূর্ণ বৈঠক৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি তথা স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত স্বাভাৱিকতে স্থান লাভ কৰে ‘অপাৰেচন সিন্দূৰ’ৰ প্রসংগই৷ বিশেষকৈ ‘অপাৰেচন সিন্দূৰ’ক কেন্দ্র কৰি বিজেপিৰ একাংশ নেতাই কৰা অবান্তৰ–বিতর্কিত মন্তব্যই বিজেপিক একপ্রকাৰ শ’লঠেকত পেলোৱা বিষয়টোক প্রধানমন্ত্রী মোদীয়ে গুৰুত্বসহকাৰে গ্রহণ কৰাটো বৈঠকখনত স্পষ্ট হৈ পৰে৷

প্রধানমন্ত্রী মোদীৰ স্পষ্ট বার্তা– ‘অপাৰেচন সিন্দূৰ’ৰ বিষয়ত কোনো যাতে অবান্তৰ–বিতর্কিত মন্তব্য নকৰে৷ বিজেপিৰ এক শীর্ষস্থানীয় সূত্রই সদৰী কৰা অনুসৰি, দলৰ ইজনৰ পিছত সিজন নেতাই ‘অপাৰেচন সিন্দূৰ’ সন্দর্ভত কৰা বিতর্কিত মন্তব্যৰ বাবে প্রধানমন্ত্রী মোদীয়ে বৈঠকখনত উদ্বিগ্ণতা ব্যক্ত কৰে৷ ভৱিষ্যতে যাতে এনেধৰণৰ মন্তব্য কৰাৰ পৰা সকলো বিৰত থাকে তাৰ বাবে তেওঁ এনডিএৰ সকলো নেতালৈ আহ্বান জনায়৷ সমান্তৰালভাৱে দলীয় পর্যায়ত যাতে অধিক সমন্বয় আৰু যোগাযোগ গঢ়ি তুলিব পাৰি তাৰ ওপৰতো প্রধানমন্ত্রী মোদীয়ে গুৰুত্ব আৰোপ কৰে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ‘অপাৰেচন সিন্দূৰ’ সমগ্র দেশতে ব্যাপক পর্যায়ত চর্চিত হৈ থকাৰ সময়তে কর্নেল ছোফিয়া কুৰেশ্বিক সন্ত্রাসবাদীৰ ভগ্ণী আখ্যা দিছিল মধ্যপ্রদেশৰ মন্ত্রী বিজয় শ্বাহে৷ অকল সেয়াই নহয়, বিজেপিৰ জ্যেষ্ঠ নেতাজনে কৈছিল যে সন্ত্রাসবাদীসকলে আমাৰ হিন্দু ভাতৃসকলৰ পোছাক খুলি ধর্মীয় পৰিচয় নিশ্চিত কৰি হত্যা কৰিছিল৷ কিন্তু এই সন্ত্রাসবাদীৰ ভনীয়েককে আক্রমণৰ বাবে পঠোৱা হৈছে৷ সন্ত্রাসবাদীয়ে আমাৰ ভগ্ণীসকলক বিধৱা কৰিছে৷ সেয়েহে সন্ত্রাসবাদীৰ ভনীয়েককে সিহঁতৰ পোছাক খুলি উচিত শিক্ষা দিয়াৰ বাবে পঠোৱা হৈছে৷ অকল মধ্যপ্রদেশৰ মন্ত্রী শ্বাহেই নহয়, ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী জগদীশ দেৱড়ায়েও এই সম্পর্কত কৰা এক বিতর্কিত মন্তব্যই দেশজুৰি চর্চা লাভ কৰে৷ এনে অৱস্থাত প্রধানমন্ত্রী মোদীয়ে কার্যতঃ বিজেপি তথা এনডিএৰ নেতাসকলৰ মুখত লেকাম লগাই ‘অপাৰেচন সিন্দূৰ’ক লৈ অবান্তৰ তথা বিতর্কিত মন্তব্য নকৰিবলৈ নির্দেশ দিয়াটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷

ইফালে, সূত্রটোৱে জানিবলৈ দিয়া মতে কালিৰ বৈঠকতে মহাৰাষ্ট্রৰ উপ–মুখ্যমন্ত্রী একনাথ সিন্ধেই অপাৰেচন সিন্দূৰৰ সাফল্যৰ বাবে প্রধানমন্ত্রী মোদী আৰু ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জনাই এটা প্রস্তাৱ উত্থাপন কৰে৷ প্রস্তাৱটো সর্বসন্মতিক্রমে গৃহীত হয়৷

You might also like