নৰৱেৰ জন ফছলৈ ২০২৩ বর্ষৰ সাহিত্যৰ ন’বেল
বিশেষ বাৰ্তা, ৬ অক্টোবৰ : অকথ্যক শব্দৰে উজ্জীৱিত কৰা উদ্ভাৱনী নাটক, গল্প, কবিতা, উপন্যাসৰ স্রষ্টা নৰৱেৰ জন ফছলৈ আগবঢ়োৱা হৈছে ২০২৩ বর্ষৰ সাহিত্যৰ ন’বেল বঁটা৷ বিশ্ব সাহিত্যৰ সর্বোচ্চ সন্মান সাহিত্যৰ ন’বেল বঁটাটি নৰৱেৰ লেখক–নাট্যকাৰ জন ফছলৈ আগবঢ়োৱা বুলি আজি ছুইডিছ একাডেমীয়ে ঘোষণা কৰে৷ নৰৱেৰ নিনর্স্ক ভাষাত নাটক, গল্প, কবিতা, উপন্যাস আদি ৰচনা কৰি দেশৰ লগতে বিশ্বৰ সাহিত্যপ্রেমীৰ মাজত পৰিচিত জন ফছৰ প্রায়বোৰ ৰচনা ইংৰাজীকে ধৰি বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে৷ কালি বিয়লি ৪.৩০ বজাৰ লগে লগে ষ্টকহমৰ ছুইডিছ একাডেমীয়ে বিশ্বৰ সাহিত্যপ্রেমীৰ দৃষ্টি নিবদ্ধ হৈ থকা সাহিত্যৰ ন’বেল বঁটা ২০২৩ ঘোষণা কৰে৷ বিশ্বৰ কেইবাজনো প্রখ্যাত সাহিত্যিকৰ চুটি তালিকাৰ পৰা হাংগেৰীৰ নাট্যকাৰ জন ফছক নির্বাচিত কৰি ছুইডিছ একাডেমীয়ে এই বঁটাটো আগবঢ়াইছে৷ নৰৱেৰ হগছুণ্ডত ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰত জন্মগ্রহণ কৰা জন অলাভ ফছে ৭ বছৰ বয়সতে ভয়াৱহ দুর্ঘটনাত পতিত হৈ মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহে৷ নতুনকৈ জীৱন লাভ কৰা জন ফছে প্রাপ্তবয়স্ক লেখাৰ অভিজ্ঞতাৰে উজ্জীৱিত হৈ উঠে৷ বার্গেন বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰা জন ফছেই ১৯৮৩ চনত ‘ৰেড, ব্লেক’ শীর্ষক উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলে৷ নৰৱেৰ নিনর্স্ক ভাষাত সাহিত্য সেৱা কৰা লেখক–নাট্যকাৰ জন ফছৰ প্রথমখন নাটক ‘এণ্ড উই উইল নেভাৰ বি পার্টেড’ মঞ্চস্থ আৰু প্রকাশিত হয় ১৯৯৪ চনত৷ উদ্ভাৱনী নাটক ৰচনাৰ উপৰি জন ফছৰ উপন্যাস, চুটিগল্প, কবিতা, শিশুগ্রন্থ ৰচনা আদিৰে তেওঁৰ সাহিত্য প্রতিভাৰ স্বাক্ষৰ দাঙি ধৰে৷ নৰৱেৰ লিখিত ভাষাৰ অন্যতম নিনর্স্কত লিখা জন ফছৰ ৰচনাৰাজি ৪০তকৈও অধিক ভাষাত অনুবাদ হৈছে৷ সংগীতৰ সৈতে জড়িত জন ফছে অগণন গীতো ৰচনা কৰিছে৷ নৰৱেৰ গির্জাৰ সদস্য যদিও পিছলৈ তেওঁ কেথলিক গির্জাত যোগদান কৰে৷ দীর্ঘদিন ধৰি এলকহল সেৱন কৰাৰ পৰিণতিত অসুস্থ হোৱা লেখক জন ফছে নিচামুক্তি কেন্দ্রত চিকিৎসাৰ বাবে ভর্তি হ’বলগীয়া হয়৷ নৰৱেৰ সাহিত্যৰ সকলো সন্মানেৰে বিভূষিত জন ফছে কেইবাটাও আন্তর্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ অষ্ট্রিয়াৰ শ্ল’ভাকত দ্বিতীয় পত্নীৰ লগত অংশকালীনভাৱে বসবাস কৰি থকা সাহিত্যিক জন ফছৰ বার্গেনত এটা বাসগৃহ থকাৰ লগতে নৰৱেৰ পশ্চিম প্রান্তত দুটাকৈ বাসগৃহ আছে৷ উপন্যাস, গল্প, শিশু গ্রন্থ, কবিতা আদি অর্ধশতাধিক গ্রন্থৰ প্রণেতা জন ফছে অনুবাদক হিচাপে বিভিন্ন ভাষাৰ গ্রন্থ অনুবাদ কৰিছে৷