২৪ কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগ নুছৰতৰ বিৰুদ্ধে, ইডিত অভিযোগ
বিশেষ বাৰ্তা, ১ আগষ্ট : তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ বিৰুদ্ধে ২৪ কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, ফ্লেট দিয়াৰ নামত এই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল নুছৰতে। এই সন্দৰ্ভত ইডিত অভিযোগ দাখিল কৰা হৈছে। জানিব পৰা মতে, সোমবাৰে সন্ধিয়া ইডিৰ কাৰ্যালয়ত কেইবাজনো জ্যেষ্ঠ নাগৰিকৰ সৈতে বিজেপি নেতা শংকুদেৱ পাণ্ডা হাজিৰ হয়। তাতেই নুছৰত জাহানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ২০১৪ চনত নুছৰত জাহানৰ সংস্থাই ৩ বি এইচ কে ফ্লেট দিয়াৰ নামত ৪২৯জন লোকৰ পৰা ৫ লাখ ৫৫ হাজাৰ টকাকৈ লৈছিল বুলি তৃণমূল সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। অভিযোগকাৰীয়ে জনোৱা মতে, নুছৰতৰ সংস্থাই ৪২৯জন লোকক ৰাজাৰহাট হিডকোৰ সমীপত তিনি বছৰৰ ভিতৰত ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈ ফ্লেটসমূহ দিয়া নাই। এই ৪২৯জন ফ্লেট আকাংক্ষীয়ে গৰিয়াহাট পথৰ মেছাৰ্ছ ৭ চেন্স ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাক ৫ লাখ ৫৫ হাজাৰ টকাকৈ দিছিল। সংস্থাটোৱে মুঠ ২৪ কোটি টকা সংগ্ৰহ কৰে। অভিযোগ অনুসৰি এই সংস্থাটো নুছৰত জাহানৰ।