অলিম্পিকত সোণ বিজয়ী শ্বাটলাৰক বিয়াৰ প্ৰস্তাৱ সতীৰ্থৰ
🔹 প্ৰেমৰ চহৰ পেৰিছত ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’
নিউজ ডেস্ক, ৩ আগষ্ট : প্ৰেমৰ চহৰ পেৰিছ। আৰু তাতেই চলি আছে দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ- অলিম্পিক। বিভিন্ন ঘটনাপ্ৰবাহৰ মাজতে প্ৰেমৰ প্ৰস্তাৱ নিবেদনৰ এক খবৰো পোহৰলৈ আহিছে। পেৰিছ অলিম্পিকৰ এখন বিশেষ আলোকচিত্ৰ সম্প্ৰতি চৰ্চাত। প্ৰেমিকাৰ বেডমিণ্টন ইভেণ্টৰ পিছতে চীনৰ লিউ ইউচেনে বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। বেডমিণ্টনৰ মিক্সড ডাবলছত সোণৰ পদক লাভ কৰে চীনৰ হুয়াং ইয়াকিয়ঙে। বিপৰীতে প্ৰেমিক ইউচেনে ডাবলছ ইভেণ্টত পদক লাভ কৰিব নোৱাৰিলে। পুৰুষৰ ডাবলছত প্ৰেমিক ইউচেন পৰাস্ত হয়। প্ৰেমিকা হুয়াং ইয়াকিয়ঙে স্বৰ্ণ জয় কৰাৰ পিছতে প্ৰেমিক ইউচেনে প্ৰেমিকাৰ সন্মুখত আঁঠু কাঢ়ি বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়। বিয়াৰ প্ৰস্তাৱ আগবঢ়াই তেওঁ ইয়াকিয়ঙৰ হৃদয় জয় কৰে। একে সময়তে এই প্ৰেমৰ প্ৰস্তাৱ নিবেদনৰ দৃশ্যই পেৰিছ অলিম্পিকৰ দৰ্শকৰো হৃদয় জয় কৰে। সোণৰ পদক অৰ্জন কৰা প্ৰেমিকা ইয়াকিয়ঙে কয়- “মই বহুত সুখী। মোৰ অনুভৱবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। বহু কষ্ট কৰি সোণ পালোঁ। আৰু বিয়াৰ প্ৰস্তাৱটোৱে মোক আচৰিত কৰি তুলিলে।” উল্লেখ্য যে চলিত পেৰিছ অলিম্পিকৰ মিক্সড ইভেণ্টত জেন ছি ৱেই আৰু ইয়াকিয়ঙৰ যুটিয়ে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰে। ইয়াৰ পিছতে প্ৰেমৰ চহৰ পেৰিছত তেওঁলোকৰ নতুন জীৱন আৰম্ভ হয়।