নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত অলিম্পিকৰ আজি সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ আগষ্টঃ পেৰিছ অলিম্পিক ২০২৪ আজি শেষ হব। ভাৰতে এইবাৰ ৬টা পদক লাভ কৰিছে। ইয়াৰ ভিতৰত আছিল ৫টা ব্ৰঞ্জ আৰু এটা ৰূপৰ পদক। সামৰণী অনুষ্ঠানত পতাকাবাহী হ’ব ভাৰতৰ শ্বুটাৰ মনু ভাকেৰ আৰু হকী কিংবদন্তি গ’লৰক্ষক পি আৰ শ্ৰীজেশ। মনুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ব্ৰঞ্জৰ পদক বিজয়ী দলৰ অংশও আছিল শ্ৰীজেশ। অনুৰাগীয়ে পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণী অনুষ্ঠান মোবাইলত বিনামূলীয়াকৈ চাব পাৰিব। ভাৰতীয় সময় অনুসৰি আজি নিশা ১২.৩০ বজাত (তাৰিখ সলনি হোৱাৰ বাবে সোমবাৰে) আয়োজন কৰা হ’ব। উত্তৰ পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিকৰ সামৰণী অনুষ্ঠান। ভাৰতৰ সময় অনুসৰি নিশা ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ব। অনুৰাগীয়ে ইয়াৰ লাইভ ষ্ট্ৰীমিং বিনামূলীয়াকৈ চাব পাৰিব। লগতে Sports18 চেনেলত টেলিকাষ্ট কৰা হ’ব। স্মাৰ্টফোনতো চাব পাৰিব। সামৰণী অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিঙো হ’ব Jio Cinema appত। ইয়াত দৰ্শকে বিনামূলীয়াকৈ চাব পাৰিব। সামৰণী অনুষ্ঠানৰ আয়োজন কৰিব জিমি ফেলন আৰু ক্ৰীড়া সম্প্ৰচাৰক মাইক টিৰিকোৱে। পেৰিছ অলিম্পিক ২০২৪ৰ মুকলি অনুষ্ঠানো আছিল অতি বিশেষ। ইয়াৰ আয়োজন কৰা হৈছিল চেইন নদীত। সকলো দেশৰ বাবে বিশেষ ধৰণৰ নাও প্ৰস্তুত কৰা হৈছিল। ভাৰতে এতিয়ালৈকে অলিম্পিকৰ ইতিহাসত মুঠ ৪১টা পদক লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ১০টা স্বৰ্ণ, ১০টা ৰূপ আৰু ২১টা ব্ৰঞ্জৰ পদক। টকিঅ’ অলিম্পিকত ভাৰতে ৭টা পদক লাভ কৰিছিল। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত মাত্ৰ ২টা পদক লাভ কৰিছিল। লণ্ডনতো ৬টা পদক লাভ কৰে।

You might also like