নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ ছেপ্টেম্বৰত আকাশত পৃথিৱীবাসীয়ে দেখিব দুটাকৈ চন্দ্র

🔹 বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ব

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : তিনি দিন পিছতে পৃথিৱীবাসীয়ে এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব৷ পৃথিৱীবাসীয়ে আকাশত দেখিব দুটাকৈ চন্দ্র৷ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ প্রাবল্যৰ বাবেই অহা ২৯ ছেপ্টেম্বৰৰ পৰা আকাশত দুটাকৈ চন্দ্র দেখিবলৈ পাব৷ ২৯ ছেপ্টেম্বৰত ক্ষুদ্র চন্দ্র এটাই পৃথিৱীৰ কক্ষপথত পৰিভ্রমণ কৰিব৷ এক বিৰল মহাজাগতিক ঘটনা হিচাপে গ্রহাণু ২০২৪ পি টি–৫য়ে আকাশত পৃথিৱীৰ ক্ষুদ্র চন্দ্র হিচাপে পৰিভ্রমণ কৰিব আৰু বিশ্ববাসীয়ে এই ক্ষুদ্র চন্দ্রটো ২৫ নৱেম্বৰলৈ আকাশত দেখিবলৈ পাব৷ চলিত বর্ষৰ প্রাৰম্ভতে আৱিষ্কাৰ হোৱা মহাকাশৰ শিলাখণ্ড গ্রহাণু ২০২৪ পি টি–৫ ক্ষুদ্র চন্দ্র হিচাপে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰে দুমাহ ধৰি কক্ষপথত ৰাখিবলৈ সক্ষম হ’ব৷ প্রায় দুমাহ ধৰি ক্ষুদ্র চন্দ্রটোৱে পূর্বৰ স্থায়ী চন্দ্রৰ সৈতে পৃথিৱী পৰিভ্রমণ কৰি থাকি এক মহাজাগতিক পৰিঘটনাৰ সৃষ্টি কৰিব৷ সূর্যৰ শক্তিৰ সৈতে ফেৰ পাতি পৃথিৱীয়ে ক্ষুদ্র চন্দ্রটোক প্রায় দুমাহ ধৰি নিজৰ কক্ষপথত ৰাখিবলৈ সক্ষম হ’ব যদিও ২৫ নৱেম্বৰত এই ক্ষুদ্র চন্দ্রটো পৃথিৱীৰ শক্তিয়ে আঁতৰাই লৈ যাব আৰু ই সৌৰজগতত সোমাই পৰিব৷ আমেৰিকান এষ্ট্র’ন’মিকেল ছ’চাইটীয়ে প্রকাশ কৰা প্রতিবেদন অনুসৰি, মাত্র ৩০ ফুট ডাঙৰ গ্রহাণুটোৱে হর্ছশ্বুৰ নিচিনা আকাশত ২৯ ছেপ্টেম্বৰত আৱির্ভাৱ ঘটি ২৫ নৱেম্বৰত আঁতৰি যাব৷ এই মহাজাগতিক পৰিঘটনাটো পৃথিৱীৰ সকলো শ্রেণীৰ সকলো লোকে প্রত্যক্ষ কৰিব নোৱাৰিব৷ কিয়নো এই গ্রহাণুটো ক্ষুদ্র চন্দ্র হিচাপে দেখিবলৈ হ’লে দূৰবীক্ষণৰ প্রয়োজন হ’ব পাৰে৷ অৱশ্যে পৰিৱেশ–পৰিস্থিতিয়ে পৃথিৱীবাসীৰ বাবে এই ক্ষুদ্র চন্দ্রটো প্রত্যক্ষ কৰাত সুবিধা কৰি দিব পাৰে বুলিও বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে৷

You might also like