এক দেশ এক ভোট : প্ৰাক্তন ৰাষ্ট্ৰপতি কোৱিন্দৰ নেতৃত্বত কমিটী গঠন
বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে পুনৰ ‘এক দেশ এক ভোট’ নীতি ৰূপায়ণৰ বাবে কাম-কাজ আৰম্ভ কৰিছে। জানিব পৰা মতে, ইতিমধ্যে কেন্দ্রই আইন আয়োগৰ সৈতে কেইবালানিও আলোচনা কৰি নীতি ৰূপায়ণৰ দিশসমূহ পৰ্যবেক্ষণ কৰিছে৷ সেই আলোচনাৰ আধাৰত মোদী চৰকাৰে ‘এক দেশ এক ভোট’ নীতি ৰূপায়ণৰ দিশ বিচাৰি উলিয়াবলৈ এখন কমিটী গঠন কৰিছে। সেই সমিতিৰ নেতৃত্বত আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ। ৰাষ্ট্ৰপতি কোৱিন্দৰ নেতৃত্বত গঠিত সমিতিখনে বিশেষ অধিৱেশনত প্ৰতিবেদন দাখিল কৰিব পাৰে। উল্লেখ্য যে ২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত মোদীয়ে ‘এক দেশ এক ভোট’ৰ ধাৰণাটো ৰাজহুৱা কৰিছিল।