নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপাৰেচন সিন্দূৰ পাকিস্তানৰ বিৰুদ্ধে প্রতিশোধ নাছিল, আছিল সেনাৰ ন্যায় বিচাৰ

◼ অপাৰেচন সিন্দূৰ পাকিস্তানৰ বিৰুদ্ধে প্রতিশোধ নাছিল, আছিল সেনাৰ ন্যায় বিচাৰ

◼ ভাৰতীয় সেনাই মুকলি কৰিলে নতুন ভিডিঅ’

নিউজ ডেস্ক, ১০ মে’ : অপাৰেচন সিন্দূৰ পাকিস্তানৰ বিৰুদ্ধে কোনো প্রতিশোধ নহয়, এয়া ন্যায় বিচাৰ৷ কালি ভাৰতীয় সেনাৰ তৰফৰ পৰা এটা নতুন ভিডিঅ’ এক্সত প’ষ্ট কৰি এই বার্তা দিয়া হৈছে৷ সেনাৰ ৱেষ্টার্ন কমাণ্ডাৰৰ এক্স হেণ্ডেলত অপাৰেচন সিন্দূৰৰ নতুন এই ভিডিঅ’টো প’ষ্ট কৰা হয়৷ ভিডিঅ’ৰ আৰম্ভণিতে দেখিবলৈ পোৱা গৈছে এদল জোৱানক৷ ইয়াৰ মাজৰ এজনে কৈছে– ‘পেহেলগামত আক্রমণৰ পাছত অপাৰেচন সিন্দূৰৰ সূচনা হৈছিল৷ ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে নঘটে, তাৰ শিক্ষা দিবলৈ ভাৰতে এই অভিযান চলাইছে৷ এয়া কোনো আক্রোশ বা প্রতিশোধ নহয়৷’ ইয়াৰ পাছত অন্য এজন জোৱানে ভিডিঅ’টোত কয়– ‘পাকিস্তানৰ যিবোৰ সামৰিক প’ষ্টত গোলাবর্ষণ কৰা হৈছিল, সেইবোৰ সম্পূর্ণৰূপে ধ্বংস কৰা হৈছে৷’ স্মর্তব্য যে যোৱা ২২ এপ্রিলত পেহেলগামত ২৬জন নিৰীহক হত্যা কৰিছিল লস্কৰ–ই–তৈবাৰ ছায়া সংগঠন টিআৰএফৰ ৪ সন্ত্রাসবাদীয়ে৷ এই সন্ত্রাসবাদীকেইটাক পথ দেখুৱাইছিল স্থানীয় এজন কাশ্মীৰীয়ে৷ এই আক্রমণৰ প্রত্যুত্তৰত ৭ মে’ৰ পুৱতি নিশা অপাৰেচন সিন্দূৰ আৰম্ভ কৰে ভাৰতে৷ এই অভিযানৰ সময়ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা মুঠ ৯টা সন্ত্রাসবাদী ঘাটি ধ্বংস কৰে৷ লক্ষণীয়ভাৱে ভাৰতৰ এই আক্রমণত শতাধিক সন্ত্রাসবাদী নিহত হয়৷ ইয়াৰ প্রত্যুত্তৰত পাকিস্তানে ভাৰতৰ সীমান্তৱর্তী জনবসতি আৰু সেনা ঘাটিক লক্ষ্য কৰি আক্রমণ চলায়৷ ইয়াৰ প্রত্যাঘাত কৰে ভাৰতে৷ ভাৰতৰ এই প্রত্যাক্রমণত ১১টা পাক বায়ুসেনা ঘাটি ধ্বংস হয়৷ জানিব পৰা গৈছে- ভাৰতীয় সেনাৰ অভিযানত ৩৫–৪০জন পাক সেনা জোৱান তথা বিষয়া নিহত হৈছে৷ ইফালে, কালি সেনাৰ তৰফৰ পৰা এই কথাও স্পষ্ট কৰা হয় যে অপাৰেচন সিন্দূৰৰ সাফল্যৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধবিৰতি চলি আছে সেয়া চলি থাকিব৷ নতুনকৈ পাকিস্তানৰ ডিজিএমঅ’ৰ সৈতে কোনোধৰণৰ আলোচনা বা বৈঠকত ভাৰতৰ ডিজিএমঅ’ মিলিত নহয় বুলিও সেনাৰ তৰফৰ পৰা কালি স্পষ্ট কৰি দিয়া হৈছে৷ স্মর্তব্য যে যোৱা ১২ মে’ত অন্তিমবাৰৰ বাবে পাকিস্তানৰ ডিজিএমঅ’ৰ সৈতে বার্তালাপ কৰিছিল ভাৰতৰ ডিজিএমঅ’ৰ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘায়ে৷ সিদিনাখন উভয়পক্ষই আলোচনাত যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰা হৈছিল৷ তেতিয়াই ধাৰণা কৰা হৈছিল যে কালি পুনৰ উভয়পক্ষৰ মাজত আলোচনা হ’ব৷ কিন্তু সেনাৰ তৰফৰ পৰা কালি স্পষ্ট কৰি দিয়া হৈছে যে আলোচনা কৰিবলগীয়া কোনো বিষয় নাই৷ গতিকে যুদ্ধবিৰতি চলি থাকিব৷ লক্ষণীয়ভাৱে উভয়পক্ষই যুদ্ধবিৰতি মানি চলিব বুলি ১২ মে’ৰ আলোচনাতেই সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ গতিকে উক্ত দিনাই ভৱিষ্যতে যুদ্ধবিৰতি উলংঘা নকৰে বুলি উভয়পক্ষই সহমত পোষণ কৰিছিল বুলিও সেনাই সদৰী কৰিছে৷

You might also like