পাটনাত বিৰোধী নেতাৰ ফটো ছেছন চলি আছে, শ্বাহৰ কটাক্ষ
বিশেষ বাৰ্তা, ২৩ জুনঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধীৰ মিত্ৰতাৰ সম্ভাৱনাক লৈ এক ৰসাল মন্তব্য কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আমন্ত্ৰণত পাটনাত বিজেপিবিৰোধী দলৰ বৈঠকক লৈ শ্বাহে কয় যে পাটনাত এতিয়া বিৰোধী নেতাৰ ফটো ছেছন চলি আছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধীৰ মিত্ৰতাৰ সম্ভাৱনা নাই। তদুপৰি শ্বাহে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিবিৰোধী মিত্ৰতা থাকিলেও তেওঁলোকৰ চিন্তাৰ কোনো কাৰণ নাই বুলি দাবী কৰে। তেওঁ কয়- “মই সেই বিৰোধী নেতাসকলক ক’ব বিচাৰোঁ যে আপোনালোকৰ ঐক্য প্ৰায় অসম্ভৱ আৰু শেষত বাস্তৱ হ’লেও ৰাইজৰ সন্মুখত সেই ঐক্য দেখুৱাওক।” ২০২৪ চনত ৩০০ৰো অধিক আসনেৰে নৰেন্দ্ৰ মোদীৰ প্ৰত্যাৱৰ্তনত কোনেও বাধা দিব নোৱাৰে বুলিও তেওঁ কয়। উল্লেখ্য যে শুকুৰবাৰে বিয়লিৰ পৰা পাটনাস্থিত নীতিশ কুমাৰৰ বাসগৃহত ১৫টা বিৰোধী দলৰ শীৰ্ষ নেতাসকলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিবিৰোধী মিত্ৰতাৰ আলোচনা কৰি আছে।