নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইল–হামাছৰ যুদ্ধৰ মাজতে লাডেনৰ ‘লেটাৰ টু আমেৰিকা’ ভাইৰেল

বিশেষ বাৰ্তা, ১৮ নৱেম্বৰ : ইজৰাইল–হামাছৰ মাজত চলি থকা যুদ্ধৰ সময়তে বিশ্বত্রাস সন্ত্রাসবাদী মৃত ওচামা বিন লাডেনৰ ‘লেটাৰ টু আমেৰিকা’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ২০১১ চনত পাকিস্তানত আমেৰিকাৰ বিশেষ অভিযানত নিহত হোৱা ওচামা বিন লাডেনৰ আমেৰিকাক লৈ লিখা পত্রখন টিক টকত ভাইৰেল হোৱাৰ পাছতেই এই পত্রখনৰ মাজেৰে লাডেনৰ স্থিতি সন্দর্ভত ব্যাপক চর্চা চলিছে৷ লাডেনৰ পত্রখনে মধ্যপ্রাচ্যত সংঘর্ষৰ আঁৰত আমেৰিকা যুক্তৰাষ্ট্র জড়িত হৈ থকাটো চর্চাৰ বিষয় হৈ উঠিছে৷ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধক পূর্ণ সমর্থন আগবঢ়োৱা আমেৰিকাৰ সিদ্ধান্তক লৈও চর্চা চলিছে৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত ভয়াৱহ আক্রমণৰ পাছত আল–কায়দাৰ প্রতিষ্ঠাতা লাডেনৰ এই পত্রখন ছ’চিয়েল মিডিয়াযোগে বাতৰিত প্রচাৰ হৈছিল আৰু এতিয়া পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷

You might also like