অস্কাৰ বিজয়ী অভিনেতা হেকমেনৰ পত্নীসহ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ বিশ্বৰ চলচ্চিত্র জগতৰ সর্বোচ্চ সন্মান অস্কাৰ বিজয়ী অভিনেতা জিন হেকমেন, তেওঁৰ পত্নী আৰু পোহনীয়া কুকুৰৰ মৃতদেহ নিউ মেক্সিকোৰ বাসভৱনত উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউ মেক্সিকোৰ বাসভৱনত দুবাৰৰ অস্কাৰ বিজয়ী আৰু চাৰিবাৰ গ’ল্ডেন গ্ল’বছ বিজয়ী অভিনেতা জিন হেকমেন, তেওঁৰ পত্নী বেট্ছি আৰু পোহনীয়া কুকুৰৰ মৃতদেহ উদ্ধাৰ হোৱাত হলীউডতো চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ছাণ্টা ফে নিউ মেক্সিকান ৱেবছাইটত প্রকাশ কৰা তথ্য অনুসৰি বুধবাৰে বিয়লি মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে এই ঘটনাক লৈ অনুসন্ধান অব্যাহত ৰাখিছে৷ মৃতদেহ উদ্ধাৰৰ পিছত আৰক্ষীয়ে প্রাৰম্ভিক তদন্তত কোনো হত্যাকাণ্ড নহয় বুলি সন্দেহ কৰিছে যদিও অনুসন্ধান অব্যাহত ৰাখিছে৷ দুবাৰৰ অস্কাৰ বঁটা বিজয়ী হেকমেনৰ বয়স ৯৫ বছৰ৷ আনপিনে পত্নী বেট্ছিৰ বয়স হৈছে ৬৩৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্নিয়াত ১৯৩০ চনৰ ৩০ জানুৱাৰীত জন্মগ্রহণ কৰা হেকমেনে ৬ দশক ধৰি চলচ্চিত্র জগতত বৰঙণি আগবঢ়ায়৷ ‘দ্য ফ্রেন্স কানেকচন’ আৰু ‘আনফৰগিভেন’ শীর্ষক ছবিৰ বাবে দুবাৰ অস্কাৰ বিজয়ী হেকমেনে তেওঁৰ অভিনয় কৰিয়াৰত কেইবাখনো বিশ্বখ্যাত চলচ্চিত্রত অপূর্ব অভিনয় কৰে৷ ছুপাৰমেন, ছুপাৰমেন–২, স্ক্রেয়াৰক্র’, দ্য কনভাৰছেচন, আণ্ডাৰ ফায়াৰ, দ্য ফার্ম, বিহাইণ্ড এনিমী লাইনছ, দ্য বার্ডকেজ আদি উল্লেখযোগ্য৷ ২০০৪ চনত ৱেলকাম টু মুছেপ’ট ছবিখনত অন্তিমবাৰৰ বাবে অভিনয় কৰি তেওঁৰ কেৰিয়াৰৰ সামৰণি পেলায়৷