আমাৰ সেনাই তত্ নাপাওঁতেই সেনাৰ ঘাটিত ভাৰতৰ ব্রাহ্ম’ছেৰে আক্রমণ
পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ অকপট স্বীকাৰোক্তি
আমাৰ সেনাই তত্ নাপাওঁতেই সেনাৰ ঘাটিত ভাৰতৰ ব্রাহ্ম’ছেৰে আক্রমণ
নিউজ ডেস্ক, ৩০ মে’ : পাকিস্তানৰ ভূমিত ভাৰতে ব্রাহ্ম’ছ মিছাইলেৰে আক্রমণ কৰি দেশখনৰ ৰাৱালপিণ্ডি বিমানবন্দৰকে ধৰি কেইবাটাও বায়ুসেনা ঘাটি বিধ্বস্ত কৰা বুলি অকপট স্বীকাৰোক্তি পাক প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ৷
১০ মে’ৰ পুৱা নামাজৰ পিছতেই পাকিস্তানে ভাৰতৰ ওপৰত আক্রমণ কৰাৰ পৰিকল্পনা কৰিছিল যদিও আমাৰ সেনাই তত্ নাপাওঁতেই ভাৰতীয় সেনাই ব্রাহ্ম’ছ মিছাইলেৰে ৰাৱালপিণ্ডি বিমানবন্দৰসহ কেইবাটাও সেনাৰ ঘাটিত ভয়াৱহ আক্রমণ চলায় বুলি মন্তব্য কৰিছে প্রধানমন্ত্রী শ্বৰীফে৷
পাকিস্তানী সেনাই সজাগ নৌহওঁতেই ৯–১০ মে’ৰ মাজনিশা ভাৰতীয় সেনাই ব্রাহ্ম’ছ মিছাইলেৰে আক্রমণ কৰি সেনাৰ পৰিকল্পনাক সম্পূর্ণৰূপে বিফল কৰি তোলে৷ আজাৰবাইজানত এক কার্যসূচীত অংশগ্রহণ কৰি পাকিস্তানৰ প্রধানমন্ত্রীগৰাকীয়্ ভাৰতৰ নিখুঁত আক্রমণ সন্দর্ভত এনেদৰে মন্তব্য কৰে৷
প্রধানমন্ত্রীগৰাকীয়্ কয় যে আমাৰ সেনাই নামাজৰ পাছত পুৱা ৪.৩০ বজাত ভাৰতৰ ওপৰত আক্রমণ কৰিবলৈ সাজু হৈ আছিল যদিও ইয়াৰ পূর্বেই ভাৰতে আমাৰ সেনাৰ ঘাটিত ভয়াৱহ আক্রমণ চলায়৷ এই আক্রমণত দেশখনৰ সেনাৰ ঘাটিৰ বৃহৎ ক্ষতি হয় বুলিও প্রধানমন্ত্রীগৰাকীয়্ লগতে উল্লেখ কৰে৷