আৰব বিশ্বত পাকিস্তানৰ মিথ্যাচাৰ উদঙালে অ’ৱেছিয়ে
২৪ কোটি মুছলিমে গৌৰৱেৰে বসবাস কৰি আছে ভাৰতত
আৰব বিশ্বত পাকিস্তানৰ মিথ্যাচাৰ উদঙালে অ’ৱেছিয়ে
নিউজ ডেস্ক, ৩০ মে’ : অপাৰেচন সিন্দূৰৰ সফলতা আৰু সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদত পাকিস্তানৰ নগ্ণ স্বৰূপ উদঙাবলৈ বিশ্বৰ দেশসমূহ ভ্রমণ কৰা সাতটা সর্বদলীয় সংসদৰ প্রতিনিধি দল এটাই সম্প্রতি ছৌদি আৰবত আছে৷
এই ছৌদি আৰবত থকা সর্বদলীয় সংসদৰ প্রতিনিধি দলৰ অন্যতম সদস্য এআইএমআইএমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন অ’ৱেছিয়ে ৰিয়াধত জনপ্রতিনিধিৰে হোৱা বার্তালাপত পাকিস্তানৰ নগ্ণ স্বৰূপ উদঙাই দিয়ে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্রখনত আন্তর্জাতিক সন্ত্রাসবাদীয়ে মুক্তমনে ঘূৰি থকাৰ প্রসংগ উল্লেখ কৰি পাকিস্তানে আৰব বিশ্বত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত সংঘাত চলা বুলি যি তথ্য প্রচাৰ কৰিছে সেয়াও ভুল বুলি কয় অ’ৱেছিয়ে৷
পাকিস্তানক সমালোচনা কৰি অ’ৱেছিয়ে কয় যে ভাৰতবর্ষত ২৪ কোটি মুছলিম লোকে স্বাভাৱিক জীৱন–যাপন কৰি আছে৷ হিন্দুৰ সৈতে কোনোধৰণৰ সংঘাত হোৱা নাই৷ ইয়াৰ পাছতো পাকিস্তানে আৰব বিশ্বত ভাৰতত মুছলিম সুৰক্ষিত নহয় বুলি যি অপপ্রচাৰ চলাই আছে তাৰ বাবে পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ভাৰতত ২৪ কোটি মুছলিমে গৌৰৱেৰে জীয়াই থকা বুলি উল্লেখ কৰি অ’ৱেছিয়ে কয় যে ভাৰতত বহুতো প্রখ্যাত ইছলামিক পণ্ডিত আছে৷