পাক–আফগানৰ প্রৱেশ নিষিদ্ধ হ’ব আমেৰিকাত
🔹 দেশৰ নিৰাপত্তাৰ স্বার্থত কঠোৰ ড’নাল্ড ট্রাম্প
নিউজ ডেস্ক, ৮ মার্চ : ‘সন্ত্রাসৰ কাৰখানা’ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিব মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ পাক নাগৰিকসকলৰ আমেৰিকাত প্রৱেশ বন্ধ কৰি দিয়াৰ কথা চিন্তা কৰিছে ট্রাম্পে৷ সূত্রই সদৰী কৰা অনুসৰি, পাকিস্তানৰ নাগৰিকসকলে যাতে আমেৰিকাত প্রৱেশ কৰিব নোৱাৰে, সেই বিষয়টোৰ ওপৰত নজৰ ৰাখি সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ অকল পাকিস্তানেই নহয়, আফগানিস্তানসহ অন্য কেইবাখনো দেশৰ নাগৰিকৰ আমেৰিকাত প্রৱেশ নিষিদ্ধ হ’ব৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি, দেশৰ নিৰাপত্তাৰ স্বার্থত এই সিদ্ধান্ত গ্রহণ কৰিব ট্রাম্পে৷ ১২ মার্চৰ ভিতৰত কোন কোন দেশৰ নাগৰিকে আমেৰিকাত প্রৱেশ কৰিব নোৱাৰিব, সেই তালিকা প্রস্তুত কৰিব হোৱাইট হাউছ প্রশাসনে৷ এই তালিকাত আফগানিস্তান আৰু পাকিস্তানৰ নাম থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে৷