যুদ্ধবিৰতি বিচাৰি ভাৰতক দুবাৰ ফোন কৰিছিল পাকিস্তানে
🔹 যুদ্ধবিৰতি বিচাৰি ভাৰতক দুবাৰ ফোন কৰিছিল পাকিস্তানে
🔹 ইণ্ডিয়া টুডেৰ চাঞ্চল্যকৰ প্রতিবেদন
নিউজ ডেস্ক, ২৯ মে’ : অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানে যুদ্ধবিৰতিৰ বাবে ভাৰতক দুবাৰ ফোন কৰিছিল৷ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ৯টাকৈ ঘাটি ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰেৰে ধূলিৰ সৈতে মিলাই দিয়াৰ পাছতে ৭ মে’ত পাকিস্তানে যুদ্ধবিৰতিৰ বাবে ভাৰতক ফোন কৰিছিল বুলি নতুন তথ্য প্রকাশ পাইছে৷ ইণ্ডিয়া টুডেৰ প্রকাশিত প্রতিবেদনত পেহেলাগামৰ নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ভাৰতে ৭ মে’ত পাকিস্তান আৰু পিঅ’কেৰ সন্ত্রাসবাদীৰ ঘাটি অপাৰেচন সিন্দূৰেৰে ধূলিসাৎ কৰাৰ পাছতে পাকিস্তানৰ ডিজিএমঅ’ (ডাইৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেচন)ই ৭ মে’ৰ সন্ধিয়া ভাৰতৰ ডিজিএমঅ’ক যুদ্ধবিৰতিৰ বাবে ফোন কৰিছিল৷ কিন্তু উক্ত দিনা ভাৰতে পাকিস্তানৰ এই আহ্বানক গুৰুত্ব নিদিয়াত পাকিস্তানে জম্মু–কাশ্মীৰ সীমান্তত গোলাবর্ষণৰ লগতে সীমান্তৱর্তী ৪ ৰাজ্যৰ বায়ুসেনাৰ ঘাটিলৈ মিছাইল আৰু ড্রোন নিক্ষেপ কৰে৷ পাকিস্তান সেনাৰ মিছাইল আৰু ড্রোন ভাৰতীয় সেনাই আকাশতে বিধ্বস্ত কৰি আক্রমণ সম্পূর্ণৰূপে ব্যর্থ কৰি ভাৰতে প্রত্যাক্রমণ হিচাপে পাকিস্তানৰ ইছলামাবাদকে ধৰি ৯খন চহৰত বায়ুসেনাৰ ঘাটিৰ ওপৰত প্রচণ্ড আক্রমণ চলায়৷ ভাৰতৰ ব্রাহ্মোছ মিছাইলৰ আক্রমণত পাকিস্তানৰ সেনাৰ বৃহৎ ক্ষতি আৰু সামৰিক ঘাটিৰ আন্তঃগাঁথনি বিধ্বস্ত হয়৷ ইয়াৰ পাছতে পাকিস্তানৰ ডিজিএমঅ’ই ১০ মে’ত পুনৰ ভাৰতৰ ডিজিএমঅ’লৈ যুদ্ধবিৰতিৰ বাবে ফোন কৰে৷ দ্বিতীয়বাৰ পাকিস্তানে যুদ্ধবিৰতিৰ বাবে আহ্বান জনোৱাত ভাৰতে সহমত প্রকাশ কৰে আৰু যুদ্ধবিৰতি হয়৷ ইপিনে, ভাৰতীয় সেনাৰ আক্রমণত পাকিস্তানত নিহতৰ সংখ্যা ১৬০লৈ বৃদ্ধি পোৱা বুলি প্রতিবেদনত প্রকাশ পাইছে৷ অপাৰেচন সিন্দূৰত পাকিস্তান আৰু পিঅ’কেৰ সন্ত্রাসবাদী ঘাটি ধূলিৰ সৈতে মিলি যোৱাৰ লগতে কুখ্যাত সন্ত্রাসবাদীও নিহত হয়৷ তথ্য মতে, নিহতৰ তালিকাত পাকিস্তানী সন্ত্রাসবাদী, সাধাৰণ নাগৰিক আৰু পাকিস্তানৰ সেনা জোৱান আছে৷ জইছ–ই–মহম্মদৰ ঘাটি বাহাৱালপুৰত ২০ সন্ত্রাসবাদীৰ মৃত্যু ঘটাৰ বিপৰীতে বাকীকেইটা সন্ত্রাসবাদীৰ ঘাটি মিলি শতাধিক সন্ত্রাসবাদী নিহত হৈছে৷ ইপিনে, ভাৰতীয় সেনাৰ আক্রমণত অতিকমেও ৩৫ৰ পৰা ৪০জন সেনা জোৱান নিহত হৈছে৷ অৱশ্যে পাকিস্তানে ১১জন সেনা জোৱান নিহত হোৱাৰ বিপৰীতে ৭৮জন আহত হোৱা বুলি প্রকাশ কৰিছে৷ ভাৰতীয় সেনাৰ আক্রমণত লাহোৰ বিমানবন্দৰত নিহত ২, ছাৰগোধাত নিহত ২, আহত ৭, ৰহিময়াৰ খানত আহত ৫, বাহাৱালপুৰত নিহত ২, আহত ৮, শিয়ালকোটত নিহত ১১, ৰাৱালপিণ্ডিত নিহত হয় ৪ সেনা জোৱান৷ উল্লেখ্য যে ভাৰতীয় সেনাৰ আক্রমণত পাকিস্তানৰ সেনাৰ ঘাটি আৰু বায়ুসেনা ঘাটিৰ বিস্তৰ ক্ষতিসাধন হৈছে৷