নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তিশালী বিচিচিআইৰ ওচৰত নতশিৰ পাকিস্তান ক্রিকেট ব’ৰ্ড

🔹 বিতর্কৰ অন্ত : হাইব্রিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্রফী

নিউজ ডেস্ক, ৯ নৱেম্বৰ : পাকিস্তান ক্রিকেট ব’র্ডে (পিচিবি) বিশ্বৰ আটাহতকৈ ধনী আৰু শক্তিশালী ক্রিকেট ব’ৰ্ড বিচিচিআইৰ সন্মুখত শিৰনত কৰিছে৷ অহা বছৰৰ ফেব্রুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত খেলিবলৈ দেশখনলৈ নাযায় টীম ইণ্ডিয়া৷ ইতিমধ্যে এই সন্দর্ভত বহু প্রশ্ণৰ অৱতাৰণা হৈছিল৷ টীম ইণ্ডিয়াই প্রতিযোগিতাখনত অংশগ্রহণৰ বাবে পাকিস্তান ভ্রমণ কৰিব বুলি একপ্রকাৰ নিশ্চিত আছিল পাকিস্তান ক্রিকেট ব’ৰ্ড৷ পিছে সকলোবোৰ বিতর্কৰ ওৰ পেলাই পিচিবিয়ে এক হাইব্রিড মডেলৰ অধীনত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰিবলৈ সন্মতি প্রকাশ কৰিছে৷ পিটিআইৰ প্রতিবেদন অনুসৰি, ভাৰতে দীর্ঘদিনৰে পৰা কৰা দাবী মানি লৈছে পাকিস্তান ক্রিকেট ব’র্ডে৷ সেই অনুসৰি এই প্রতিযোগিতাৰ খেলসমূহ সংযুক্ত আৰব আমিৰ শ্বাহীত অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে ব’ৰ্ডখন৷ অর্থাৎ এই প্রতিযোগিতা এক হাইব্রিড মডেলত অনুষ্ঠিত হ’ব৷ এই সিদ্ধান্তৰ কাৰণ হৈছে, ভাৰত চৰকাৰে সামাজিক–ৰাজনৈতিক আৰু নিৰাপত্তাৰ খাতিৰত ৰোহিত শর্মা বাহিনীক পাকিস্তান ভ্রমণৰ অনুমতি প্রদান নকৰিব৷ ২০২৩ চনৰ এছিয়া কাপো পাকিস্তানত হাইব্রিড মডেলৰ অধীনত অনুষ্ঠিত অন্তিমখন প্রতিযোগিতা, য’ত টীম ইণ্ডিয়াৰ মেচসমূহ শ্রীলংকাত অনুষ্ঠিত হৈছিল৷ পিচিবিৰ এক সূত্রই পিটিআইক জনোৱা অনুসৰি, ‘পিচিবি’য়ে অনুভৱ কৰে যে ভাৰত চৰকাৰে পাকিস্তান ভ্রমণত অনুমোদন নিদিলেও সময়সূচী সামান্য সলনি কৰিব পাৰিব৷ কিয়নো ভাৰতে ডুবাই বা শ্বাৰজাহত তেওঁলোকৰ মেচ খেলাৰ সম্পূর্ণ সম্ভাৱনা আছে’৷ বিচিচিআয়ে এতিয়ালৈকে এই সন্দর্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই৷ জয় শ্বাহে আইচিচিৰ অধ্যক্ষ পদ চম্ভালি লোৱাৰ পিছতে ব’র্ডে এই সিদ্ধান্ত গ্রহণ কৰিব৷ পিচিবিৰ সূত্রই পিটিআইক এইটোও কৈছিল যে পৰৱর্তী সপ্তাহৰ ভিতৰত সময়সূচী ঘোষণা কৰিবলৈ পৰিষদে আইচিচিৰ সৈতে আলোচনা কৰি আছে৷ সূত্রটোৱে কয়– ‘পিচিবি’য়ে কেইমাহমান আগতে প্রেৰণ কৰা সম্ভাব্য সময়সূচীৰ বিষয়েও আইচিচিৰ সৈতে আলোচনা কৰিছে আৰু ১১ নৱেম্বৰত একে সময়সূচী ঘোষণা কৰাটো বিচাৰিব৷ পিচিবিয়ে আইচিচিক কৈছে যে যিহেতু সংশোধিত বাজেটৰ সৈতে বেক–আপ পৰিকল্পনা ইতিমধ্যে প্রস্তুত হৈ আছে, সেয়েহে খেলসমূহৰ অস্থায়ী সময়সূচী মুকলি কৰাত পলম কৰাৰ কোনো অর্থ নাই৷’

You might also like