৪ দিন যুদ্ধ কৰিবলৈও অস্ত্র শক্তি নাই পাকিস্তান-ৰ
🔹 পাক চৰকাৰৰ চাঞ্চল্যকৰ আভ্যন্তৰীণ তথ্য পোহৰলৈ
নিউজ ডেস্ক, ৫ মে’ : আস্ফালনেই শেষ ! যুদ্ধ আৰম্ভ হ’লে ৪ দিন যুদ্ধ কৰিব পৰাকৈ হাতত অস্ত্র নাই পাকিস্তান-ৰ৷ পেহেলগামত সন্ত্রাসবাদী আক্রমণত ২৬জন পর্যটকৰ মৃত্যু হোৱা ঘটনাক লৈ প্রতিৱেশী ভাৰত–পাকিস্তানৰ মাজত উত্তেজনাই তীব্র ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে যুদ্ধৰ আশংকা৷ ঠিক সেই সময়তে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ প্রতিবেদন৷ কিন্তু অস্ত্রৰে নোৱাৰিলেও মুখৰ যুদ্ধ চলাই আছে পাকিস্তানৰ মন্ত্রী আৰু শীর্ষ বিষয়াসকলে৷
সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি এই মুহূর্তত যুদ্ধ আৰম্ভ হ’লে পাকিস্তানৰ হাতত যিমান পৰিমাণৰ যুদ্ধাস্ত্র আছে, তাৰ জৰিয়তে অতি বেছি চাৰি দিন যুদ্ধ কৰা সম্ভৱ৷ ইয়াৰ পিছতেই ভাৰতৰ প্রতিৱেশী দেশখনৰ আলৈ–আথানি নোহোৱা হ’ব৷ দেশখনৰ এক চৰকাৰী সূত্রৰ উদ্ধৃতি দি শেহতীয়াকৈ কেইবাটাও সংবাদ সংস্থাই এই প্রতিবেদন প্রকাশ কৰিছে৷ সূত্রই সদৰী কৰা অনুসৰি শেহতীয়াকৈ ইউক্রেইনলৈ অস্ত্র সৰবৰাহৰ কাৰণে বিশেষকৈ ১৫০ মিলিমিটাৰ আর্টিলাৰী চেলৰ ৰপ্তানিৰ বাবে দেশত অস্ত্রৰ ঘাটিয়ে দেখা দিছে৷ ইয়াৰ উপৰি এম–১০৯ হাউদজাৰ আৰু বিএম–২১ ৰকেট ছিষ্টেমৰ গোলা–বাৰুদৰ মজুতো যথেষ্ট কম পাক অস্ত্র ভাণ্ডাৰত৷ পাক সেনাৰ ওচৰত বর্তমান যি পৰিমাণৰ অস্ত্র আছে, তাৰ জৰিয়তে মাত্র ৯৬ ঘণ্টা যুদ্ধ চলোৱা সম্ভৱ৷
প্রতিবেদন অনুসৰি, দেশৰ প্রধানমন্ত্রীয়ে অস্ত্র উৎপাদনকাৰী সংস্থা পাকিস্তান অর্ডিনাঞ্চ ফেক্টৰী (পিঅ’এফ)–এ সীমিত উৎপাদন ক্ষমতাৰ কাৰণে গোলা–বাৰুদৰ চাহিদা পূৰণ কৰিব নোৱাৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ পৰিস্থিতি অতি শোচনীয় আৰু যুদ্ধ আৰম্ভ হ’লে যে ফল ভাল নহ’ব, পূর্বেই সেই সতর্ক কৰিছে পাকিস্তানৰ প্রাক্তন সেনাপ্রধান জেনেৰেল কামাৰ জাভেদ বাজৱাই৷ পাকিস্তানৰ অর্থনৈতিক সংকট, মুদ্রাস্ফীতি, বর্ধিত ঋণ, ইন্ধনৰ ঘাটি আদি সমস্যাৰ বাবে পাক সামৰিক বাহিনীয়ে প্রশিক্ষণ তথা অনুশীলন স্থগিত ৰাখিবলৈও বাধ্য হৈছে৷ বৃহৎ সমস্যাত জর্জৰিত পাকিস্তানে এই মুহূর্তত এখন পূর্ণাংগ যুদ্ধৰ কথা কেতিয়াও ভাবিব নোৱাৰে বুলি প্রতিবেদনত উল্লেখ পাইছে৷ এই অৱস্থাত পাকিস্তানৰ মন্ত্রীসকলে ভাৰতৰ ওপৰত পৰমাণু অস্ত্রৰে আক্রমণ চলোৱাৰ ভাবুকি দিছে৷ অকল সেয়াই নহয়, ভাৰতৰ বিৰুদ্ধে সর্বশক্তিৰে যুদ্ধ চলাব বুলি হুংকাৰ দি আছে দেশখনৰ মন্ত্রী তথা সেনা বিষয়াসকলে৷ ইয়াৰ মাজতে আমেৰিকাসহ বিভিন্ন দেশক এই সম্ভাব্য যুদ্ধ বন্ধ কৰিবলৈ মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ শ্বেহৱাজ শ্বৰীফ চৰকাৰে অনুৰোধ জনোৱাও পৰিলক্ষিত হৈছে৷
ইফালে, পাকিস্তানৰ আভ্যন্তৰীণ এই ফোঁপোলা স্বৰূপ পোহৰলৈ অহাৰ সময়তে পুনৰ ৰাছিয়াত নিযুক্ত পাক ৰাষ্ট্রদূত মহম্মদ খালিদ জামিলে কালি হুংকাৰ দিছে যে ভাৰতে যদি পাকিস্তানৰ ওপৰত আক্রমণ চলায়, তেন্তে পাকিস্তানে সর্বশক্তিৰে প্রত্যাক্রমণ চলাব৷ প্রয়োজন হ’লে পৰমাণু আক্রমণ ভাৰতৰ ওপৰত চলোৱা হ’ব বুলি খালিদে এক সাক্ষাৎকাৰত উল্লেখ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে- পাক নেতা, মন্ত্রী তথা কূটনীতিকসকলৰ এনে কাণ্ডজ্ঞানহীন মন্তব্য অব্যাহত আছে যদিও চৰকাৰৰ তৰফৰ পৰা এই যুদ্ধৰ হাত সাৰিবলৈ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে৷
ইফালে, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন পদক্ষেপ অব্যাহত আছে৷ কালি দেশখনৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খান আৰু বিলৱাল ভূট্টোৰ এক্স হেণ্ডেলত প্রতিৰোধ লগাইছে নতুন দিল্লী প্রশাসনে৷ ইয়াৰ পূর্বে পাক প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফকে ধৰি কেইবাগৰাকীও নেতা তথা গুৰুত্বপূর্ণ ব্যক্তিৰ ইউটিউব চেনেলত প্রতিৰোধ লগাইছিল ভাৰতে৷ ইফালে, দুয়োখন দেশৰ মাজত এই উত্তেজনা অব্যাহত থকাৰ সময়তে নিয়ন্ত্রণ ৰেখাত ধাৰাবাহিক যুদ্ধবিৰতি উলংঘা কৰি আছে পাকিস্তানে৷ পাক সেনাই নির্বিচাৰভাৱে জম্মু–কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাত গুলীচালনা কৰি আহিছে৷ ইয়াৰ প্রত্যুত্তৰ দি আহিছে ভাৰতে৷ ইয়াৰ মাজতে পৰহি ৰাজস্থানত বিএছএফৰ হাতত ভাৰতীয় ভূখণ্ডত নিয়ম উলংঘা কৰি প্রৱেশ কৰা পাক ৰেঞ্জার্ছৰ এজন জোৱান আটক হৈছে৷